0 00 1 min 5 yrs 135

        কাজিৰঙাত গড় হত্যাৰ বাবে সক্ৰিয় হৈ আছে বহু কেইটা চোৰাং চিকাৰীৰ গোট ৷ এই তথ্য বোকাখাত আৰক্ষীৰ ৷ আজি বোকাখাত থানাত আন এটা চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ পাছত  এই তথ্য প্ৰদান কৰিছে আৰক্ষীয়ে ৷বোকাখাত আৰক্ষী থানাত আজি এটা চোৰাংচিকাৰীয়ে  আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণ কৰা চিকাৰীটোৰ নাম অমৰ গঞ্জু ৷ নহৰুবস্তি ,বুঢ়াপাহাৰৰ চিকাৰীটো সোমবাৰে বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিকাৰীৰ দলটোৰ লগত কাজিৰঙাত গড় হত্যাৰ পৰিকল্পনাত জড়িত আছিল ৷ ইফালে গড় চিকাৰীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰা আৰক্ষী বিষয়া দেবেন বৰাই কাজিৰঙাত গড় হত্যাৰ বাবে বহু কেইটা চিকাৰীৰৰ দল সাজু হৈ আছে বুলি বিস্ফোৰক মন্তব্য কৰিছে ৷
উল্লেখ্য যে দেবেন বৰাই জখলাবন্ধা আৰক্ষী থানাত কৰ্মৰত অৱস্থাত ৩৭০ টা চিকাৰী,৩১ টা ৩০৩ ৰাইফল, ৮ টা AK 47 ৰাইফল,’315 ৰাইফল 2 টা,হস্তনিৰ্মিত বন্দুক 4 টা,চাইলেঞ্চাৰ 16 টা,’22 ৰাইফল 4 টা, ৩০৩ বন্দুকৰ গুলী ৩৬০ টা,AK 47 ৰাইফলৰ গুলী 900 টা আৰু নগদ টকা 26 লাখ 92 হাজাৰ জব্দ কৰিছিল ৷ ইফালে কৃষ্ণ কৰ্মকাৰ,বিনোদ কৰ্মকাৰ আৰু অমৰ গঞ্জুক আদালতত হাজিৰ কৰাইছে ৷
(পপী শইকীয়া )
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *