0 00 1 min 3 yrs 198

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বহাৰা এহাল বৃদ্ধ দম্পত্তিৰ জীৱনৰ বাস্তৱ ছবি দেখিলে আপোনাৰ চকু সেমেকি উঠিব ।কিন্তু এতিয়ালৈকে চৰকাৰৰ চকুত পৰা নাই এওঁলোকৰ দৰিদ্ৰতাৰ ছবি। এসময়ত এই দৰিদ্ৰ বৃদ্ধ দম্পত্তি হালৰো আছিল ঘৰ-বাৰী । ব্ৰহ্মপুত্ৰৰ গঁড়া খহনীয়াই নিমিশতে সকলো তচ-নচ কৰি পৰিয়ালটিক কৰিলে সৰ্বহাৰা। আইতাগৰাকীৰ নাম লাহৰী শইকীয়া তেওঁলোক আছিল লাহৰিঘাটৰ জটিয়ালবড়িৰ বাসিন্দা । ২০১০চনতে নদীয়ে ঘৰ-বাৰী খঁহাই নিয়াৰ পিছত বসবাস কৰিবলৈ এটুকুৰা ঠাই বিচাৰি খাইছিল হাবাথুৰি।অৱশেষত বট্টদ্ৰৱা বৰসিঁচা গাঁৱৰ এজন ব্যক্তিয়ে ঘৰ সাজি থাকিবলৈ দিলে এটুকুৰা ঠাই কিন্তু অতি দুখৰ কথা ২০১০চনৰ পৰাই তেওঁলোক হৈ পৰিছে বট্টদ্ৰৱাৰ বাসিন্দা অথচ আজিলৈকে এই সতী-সন্ততি নথকা বৃদ্ধ দম্পত্তি হালে পোৱা নাই চৰকাৰী কোনো ধৰণৰ আঁচনি। চৰকাৰৰ আশাতে তেওঁলোকে এটি জুপুৰি ঘৰ সাজি কদৰ্য্যময় পৰিৱেশত এসাঁজ খাই এসাঁজ নাখাই কটাইছে দুৰ্বিসহ জীৱন। এই গৰাকী আইতাই পাই আছিল এটি বৃদ্ধ পেনশ্বন তাৰ ওপৰতো পৰিল কুদৃষ্টি ফলত আইতাৰ বৃদ্ধ পেনশ্বনটোও কৰিলে কৰ্তন।অৱশেষত আইতাই সংবাদ মাধ্যমৰ যোগেদি বিচাৰিছে চৰকাৰৰ সহায় । ওচৰ চুবুৰীয়াইয়ো চৰকাৰক জনাইছে অনুৰোধ যাতে এই পৰিয়ালটিক অলপ সহায় কৰে । বৃদ্ধ বয়সৰ বাকী থকা দিনকেইটা যাতে অলপ হলেও সুখেৰে কটাব পাৰে এই সন্তানসীন বৃদ্ধ দম্পত্তি হালে।

সংবাদ দাতাঃ ইছাম উদ্দিন

Leave a Reply

Your email address will not be published. Required fields are marked *