0 00 1 min 4 yrs 223

Date-8/8/2020

বৰক্ষেত্রী সমষ্টিৰ  কুৰিহামাৰী গাঁও পঞ্চায়তত বান সাহাৰ্য্যৰ চাউল-দাইল  ক’লা বজাৰত বিক্ৰী কৰা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে।কুৰিহামাৰী গাঁও পঞ্চায়তৰ বানপীড়িত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে চাউল দাইল ,মিঠাতেল,পশু খাদ্য,ত্রিপাল আদি যোগান ধৰে। কিন্তু গেৰুৱা দলৰ পঞ্চায়ত সদস্য আতাউৰ ৰহমানে বান সাহাৰ্য্য বিতৰণ কৰাৰ পৰিবৰ্তে মগদুল আলী আৰু কপিল আলীৰ সহযোগত বান সাহাৰ্য্যৰ সামগ্রী নিশা গোপনে বিক্ৰী কৰে। এক গোপন সূত্ৰে স্থানীয় ৰাইজে নাওঁ ভৰ্তি চাউল সহ হাতে লোটে ধৰি শিয়ালমাৰী চৰ আৰক্ষী থানালৈ লৈ যায়।কিন্ত শিয়ালমাৰী থানাৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদে দোষীক কৰায়ত্ব কৰাৰ পৰিবৰ্তে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ ৰাইজক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে হাতেম আলী,জয়নাল আলী,ৰেজ্জাক আলীক প্ৰহাৰ কৰি গুৰুতৰ আঘাত কৰে।আৰক্ষী বিষয়া লোকমান আলী আহমেদৰ এই নিকৃষ্ট মানসিকতাক ৰাইজে ধিক্কাৰ জনাইছে।লগতে চাউল চুৰিৰ ঘটনাত জড়িত মগদুল আলী,কপিল আলী আৰু আৰক্ষী বিষয়া লোকমান আলী আহমেদৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে ৰাইজে ।
News desk Report

Leave a Reply

Your email address will not be published. Required fields are marked *