0 00 1 min 2 yrs 190

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জিবিএল হাইস্কুলৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ পাঠদান আজি শুভৰাম্ভ কৰা হয় ৷কিছুদিন পূৰ্বে অসম চৰকাৰে হাইস্কুলখন উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰিছিল ৷আজি একাদশ শ্ৰেণীৰ পাঠদানৰ শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে ৷অঞ্চলটোৰ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ একাদশ শ্ৰেণীত কলা শাখাত নামভৰ্তি কৰে ৷ শ্ৰেণীকোঠা মুকলি কৰাৰ পিছতে অসমীয়া বিষয়ৰ শিক্ষয়ত্ৰী ৰুমা বৰাই ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰি শুভাৰাম্ভ কৰে পাঠদান প্ৰক্ৰিয়া ৷নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সোণাবৰ আলীৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় উদ্বোধনী সভা ৷শুভাৰাম্ভনি অনুষ্ঠানত নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত, জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজুৰুদ্দিন আহমেদ, ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগম, পূৱ বৰক্ষেত্ৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হংসনাথ দাস, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোকমান আলী, জিবিএল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আনোৱাৰ হুছেইন শইকীয়া, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি নাছিৰ প্ৰধানীসহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *