0 00 1 min 3 yrs 204

বৰক্ষেত্ৰীৰ ৰামপুৰত চিকিৎসক দম্পত্তীৰ গৃহত চুৰিকাৰ্য ৷

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ চিকিৎসক পৰিয়াল এটাত নিশা সংঘটিত হয় চুৰিকাৰ্য ৷

গাওঁখনৰ চিকিৎসক মৃদুল আহমেদ আৰু মনোৱাৰা বেগমৰ গৃহত সংঘটিত হয় উক্ত চুৰিকাৰ্য ৷

নিশা চোৰে চিকিৎসক দম্পত্তীৰ ঘৰৰ গেটৰ তলা ভাঙি সংঘটিত কৰে এই কাণ্ড ৷

চোৰে চিকিৎসক ডা: মৃদুল আহমেদৰ AS-14J-7548 নম্বৰৰ আপাচী আৰ.টি.আৰ মটৰ চাইকেলখন লৈ উধাও হয় ৷

চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য বন্দি হয় চিচিটিভি কেমেৰাত ৷

পুৱা চিকিৎসকজনে ঘটনা প্ৰত্যক্ষ কৰি দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷

পৰবৰ্তী সময়ত চিকিৎসকজনৰ গৃহত আৰক্ষী উপস্থিত হৈ চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷

দিনৰ ভাগত কৰ্মসুত্ৰে চিকিৎসালয়লৈ ওলাই গৈ মানৱ সেৱাত ব্ৰতী থকা চিকিৎসকে দম্পত্তীহালে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে ৷

Byite:–ডা: মৃদুল আহমেদ

মুকালমুৱাৰ পৰা সমৰজিত পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *