0 00 1 min 3 yrs 233

বৰক্ষেত্ৰী ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৷পঞ্চায়ত সভানেত্ৰীসহ পাঁচ গৰাকী ৱাৰ্ড সদস্যৰ সংবাদমেল ৷

8নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত লাওতোলা গাঁওত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ কৰা ঘটনাৰ পিছত একাংশই নিকৃষ্ট ৰাজনীতিৰ প্ৰশ্ৰয় লোৱাৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ সভানেত্ৰী ৰিজুমা বেগমে ৷ ৬১নং গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগমৰ বিৰুদ্ধে পঞ্চায়তখনৰ উপসভানেত্ৰীৰ স্বামী আৰু একাংশ বিজেপি কৰ্মীয়ে নিকৃষ্ট ৰাজনীতি প্ৰশ্ৰয় লৈ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ আৰম্ভ কৰি সভানেত্ৰী গৰাকীৰ জনমানসত হেয় প্ৰতিপন্ন কৰা কাৰ্যক আজি সংবাদমেলযোগে গৰিহনা জনায় ৷ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ পিছত ঘোগা গাঁওত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পিছত পঞ্চায়ত সভানেত্ৰী ৰিজুমা বেগমে সংবাদ মেল অনুষ্ঠিত কৰে ৷ ঘোগা গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী ৰঞ্জু বেগম শইকীয়াৰ স্বামী দিলোৱাৰ হুছেইন শইকীয়াই পঞ্চায়ত সভানেত্ৰী ৰিজুমা বেগম আৰু তেওঁৰ স্বামী মোস্তাফা আলীৰ বিৰুদ্ধে বিভিন্ন মাধ্যমৰ যোগেদি অপপ্ৰচাৰ চলায় সভানেত্ৰীসহ স্বামীৰ জনমানসত আঘাত কৰাৰ উদ্দেশ্যৰে নিকৃষ্ট ৰাজনীতিৰ প্ৰশ্ৰয় লৈ অপপ্ৰচাৰ চলোৱা বুলি পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে সংবাদমেল যোগে সদৰী কৰে ৷ দিলোৱাৰ হুছেইন শইকীয়াই পঞ্চায়ত সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলে অনাস্থা আনিব বুলিও বিভিন্ন মাধ্যম যোগে প্ৰচাৰ চলায় ৷ সংবাদমেল সম্বোধন কৰা পঞ্চায়তখনৰ পাঁচগৰাকী সদস্য ক্ৰমে অজুফা বেগম,মিঞ্জু আৰা,আনোৱাৰা সিকদাৰ,জাকিৰ হুছেইন আৰু ৰহিমুদদিন আহমেদে অনাস্থাৰ বিষয়টো একেমুখে অস্বীকাৰ কৰি সহজ-সৰল, নিকা ভাৱমুৰ্তীৰ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা চক্ৰটোৰ নিকৃষ্ট কাণ্ডক ধিক্কাৰ আৰু গৰিহনা জনায় ৷ ইপিনে পঞ্চায়তখনৰ সভানেত্ৰী গৰাকীৰ স্বামী তথা গড়কপ্তানি বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মোস্তাফা আলীয়ে পঞ্চায়তখন কাম-কাজত হস্তক্ষেপ কৰি দুৰ্ণীতি সংঘটিত কৰা বুলি প্ৰচাৰ চলোৱা বিষয়টো পঞ্চায়তৰ সচিব যোগেন শৰ্মাই মোস্তাফা আলীয়ে পঞ্চায়তৰ কাম-কাজত হস্তক্ষেপ নকৰে বুলি জানিবলৈ দিয়ে ৷ সভাত উপস্থিত থকা লোকসকলে পঞ্চায়ত সভানেত্ৰী ৰিজুমা বেগম আৰু স্বামী মোস্তাফা আলীৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰক নিকৃষ্ট ৰাজনীতিৰ আখ্যা দি গৰিহনা জনায় ৷মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *