0 00 1 min 3 yrs 222

নাৰায়ন ডেকাৰ হৈ বিধায়ক পত্নী – ভগ্নীৰ ব্যতিক্ৰম প্ৰচাৰ । 

বৰক্ষেত্ৰী সমষ্টিৰ ৰামপুৰস্থিত শংকৰদেৱ শিশু নিকেতনত আজি বি জে পিৰ ৰামপুৰ 12 নম্বৰ বুথত সভা অনুষ্ঠিত হয়। নিৰ্ব্বাচনী সমিতিৰ ৰামপুৰ বুথৰ সভাপতি যুগল গোস্বামী , সম্পাদক আৰু সদস্যসকলক লৈ অনুষ্ঠিত হোৱা সভাখনত বিধায়ক নাৰায়ন ডেকাৰ পত্নী মামনী ডেকাই উপস্থিত থাকি দলীয় কৰ্মীসকলক দায়িত্ব পালন কৰাৰ লগতে 
সজাগ হৈ থাকিবলৈ আহ্বান জনায় । ৰামপুৰ বুথৰ বহু কংগ্ৰেছ কৰ্মী বিজেপি চৰকাৰৰ উন্নয়নমুখী কামত আকৃষ্ট হৈ বিজেপি মালা পিন্ধি ৰামপুৰ অঞ্চলটো পদযাত্ৰা কৰি প্ৰচাৰ চলাই । সভাখনত বিধায়ক ভগ্নী মামনী মালাকৰ, বৰক্ষেত্ৰী মহিলা মৰ্চাৰ সভানেত্ৰী ক্ষীৰোদা তালুকদাৰ , সাধাৰণ সম্পাদিকা নিশা মেধি, সম্পাদিকা গুদ মনি বৰ্মন, এছ চি মৰ্চাৰ উপ সভানেত্ৰী ভনীতা দাস, মুগদি ৰামপুৰ গাঁও পঞ্চায়ত ৰ নিৰ্ব্বাচন সমিতিৰ সভাপতি বশিষ্ঠ দাস, ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰক্ষেত্ৰী মণ্ডলৰ সভাপতি প্ৰিতম গোস্বামী , বিজেপিৰ জ্যেষ্ঠ কৰ্মী প্ৰমোদ গোস্বামী , বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সম্পাদক ৰাজু ডেকাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব লাভ কৰা নাৰায়ন ডেকাক কিদৰে জয়যুক্ত কৰাব পাৰি এই সন্দৰ্ভত সভাখনত ৰণ কৌশল প্ৰস্তুত কৰে । 
মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *