সেউজীৰে ভৰি তুলিব পৰাকৈ আজি সেউজীয়া নাই মোৰ আসে-পাশে।
মানু্হে কাটিছে মানুহৰ স্বাৰ্থত..
ৰুবলৈ পাহৰি গৈছে সেউজী আইক।
হাবি-জংঘল কাটি কৰিছে বাসস্থান।
থাকিবলৈ ঠাই নাইকিয়া জীৱ জন্তুৰ।
সেউজীবোৰ কাটি তহিলং কৰিলে মানৱে।
সেউজীবোৰৰ ফাঁকেৰে সূৰ্য্যটো চাবলৈ বৰ ভাল লগা..
উঠিয়েই সেউজীয়াৰ ৰঙ চকুত পৰিলে দিনটোৱেই শুভ।
কিন্তু সেউজীয়াবোৰ জানোঁ এতিয়াও আছে…
নিঃশেষ হৈ গৈছে হাবি-জংঘল আদি বোৰ।
সেউজীবোৰ হেৰাল কোনো দিশে।
বনৰীয়া জন্তু পাইছেহি ঘৰ..
হাবি-জংঘল নাইকিয়া..
সেউজীয়া হেনোঁ তহিলং হল।
✍️বৰ্ণালী ডেকা