0 00 1 min 4 yrs 170
(শংকুসিদ্ধ নাথ, মাজুলী) 
   

                   

এটা দুঃস্বপ্নৰ ৰঙীন নাম
পৰিবৰ্তন.. অনাকাংক্ষিত কৰ্মফল
বাস্তৱ ক্ষেত্ৰৰ নিষ্ঠুৰ পৰিহাস
গুলীবিদ্ধ ছেম ষ্টেফ’ৰ্ড সহিত পঞ্চশ্বহীদৰ চিঞৰ 
জামিয়া বিশ্ববিদ্যালয় অথবা জে.এন.ইউ
কা বিৰোধী গণবিল্পৱত স্তব্ধ ৰাষ্ট্ৰ 
ধৰ্মৰ কম্পনাংকত স্থবিৰ উন্নয়ন 
ৰাষ্ট্ৰীয়তাবাদৰ কৰাল গ্ৰাসত জাতীয় চেতনা
ৰাজনৈতিক বিতচকুত বহুখণ্ডিত মাতৃভূমি
প্ৰশ্ন: ভাল দিনবোৰ কেতিয়া আহিব
বিদেশী বিতাড়নৰ পয়ালগা ছবি
পট পৰিবৰ্তন.. ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব
বিমুদ্ৰাকৰণত লুণ্ঠিত অৰ্থনীতি 
কলা ধন ঘূৰাই অনাৰ ভুৱা প্ৰতিশ্ৰুতি
গাদী বচোৱাৰ খেলত ব্যস্ত ভণ্ড শাসক
নাগৰিকৰ আৰ্তনাদ এয়াই নেকি ভাল দিন!

Leave a Reply

Your email address will not be published. Required fields are marked *