0 00 1 min 4 yrs 191

সময়বোৰে বৰকৈ আঘাট কৰে 

তুমি বিহীন প্ৰতিটো পলে  বৰকৈ আমনি কৰে |
তুমি নাজানা ,
কেৱল ভালপোৱাই নাই
তোমাৰ মৃদু বলীয়া প্ৰেমিকৰ হিয়াত
কেতিয়াৱা গভীৰতালৈ সোমই চাই পঠিয়াৱা ,
তোমালৈ থকা ভালপোৱাবোৰৰ সৈতে
তোমাৰ প্ৰতি থকা শ্ৰদ্ধা বোৰো
জিলিকা থকা দেখিবা ।|
কেতিয়াৱা জানিৱ মন নাযায়নে   ;
মোৰ তোমাৰ প্ৰতি থকা ভালপোৱাবোৰ কেনেকোৱা?
সময় পালে মোৰ চকুলৈ চাই 
ক্ষন্তেক ৰখি দিৱা চোন,
মোৰ এই তোমাৰ প্ৰেমত মাতাল 
চকুজুুৰিয়ে কি বা কয় শুণিবা |
নিশা মোৰ সহিতে কটোৱা 
মোৰ গাৰোটোক সুধিবাচোন !
তুমি কৰা সামান্য সেলিমেলি আচৰনে 
সেই গাৰোটোক 
কিমান আৱেগেৰে ঢোৱাই পোলায় |
আকৌ তোমাৰ মুখৰ এটা সৰু হাঁহি দেখিৱলৈ
মই যেন নেদেখা জনৰ সৈতে তৰ্কত লিপ্ত হও ,
মই নজনাকৈয়ে
মই নিজক হোৰুৱাই পেলাইছো ।
ভালপাও তোমাক ,
স্বাৰ্থ মাথো এটাই 
তোমাৰ পৰাও কণমান মৰম বিছাৰো |
কিয়নো ,ভাল পাও তোমাক |
      *-দিগন্ত দাস ।*

Leave a Reply

Your email address will not be published. Required fields are marked *