0 00 1 min 3 yrs 232

এদল শিক্ষকৰ হিয়া ভগা কান্দোন। বটদ্ৰৱা প্ৰেছক্লাৱত বহি কিয় আবেগিক হৈ পৰিছে এই সকল শিক্ষক? আচলতে যোৱা ৫ ফেব্ৰুৱাৰীত অসম চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দিছিল ৰাজ্যৰ অ-প্ৰদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলক। চৰকাৰী নিয়ম অনুসৰি বিদ্যালয় সমূহে নিযুক্তি দিয়া শিক্ষক সকলক ২০১৭ চনৰ প্ৰাদেশিকিকৰণ আইনৰ অধীনত দ্বী ভাগত বিভক্ত কৰাত জাঙুৰ খাই উঠিছে প্ৰদেশিকিকৰণৰ পৰা বঞ্চিত শিক্ষক সকল। চৰকাৰৰ প্ৰদেশিকিকৰণত বৈষম্যৰ বলি হৈ চকুৰে বাট নেদেখা হৈ পৰিছে ২৫-৩০ বছৰে বিনা বেতনে মানৱ সম্পদ গঢ়া দুৰ্ভগীয়া শিক্ষক সকল। আজি সংবাদ মেল যুগে চৰকাৰলৈ আহ্বান, অতি কম সময়ত তেওঁলোকক আনিব লাগে প্ৰদেশিকিকৰণৰ আওতালৈ। ন্যায় দিব লাগে এই দুৰ্ভগীয়া মানৱ সম্পদ গঢ়োতাক।

ইছাম উদ্দিন

Leave a Reply

Your email address will not be published. Required fields are marked *