0 00 1 min 6 yrs 205
আপোনালোকে জানেনে, বিকৃত যৌনাচাৰী চেণ্ট ভেলেণ্টাইন এটা দেশদ্ৰোহী আছিল । সি নিজৰ পাৰ্থিব সুখৰ বাবে দেশৰ সুৰক্ষাৰ বাবে কৰিব লগা সৈনিকৰ কৰ্তব্যও কৰা নাছিল । যাৰবাবে তাক মৃত্যুদণ্ড দিবলৈ ৰোমৰ ৰজা বাধ্য হৈছিল । “Valentine’s day ” মানৱ জাতিৰ কাৰণে লজ্জাজনক । ভাৰতৰ পবিত্ৰ নাৰী সমাজখনক চৰম ভাৱে অপমান কৰি অহা ভেলেন্টাইন ডে’ৰ কাহিনীটো হ’ল ১৪ ফেব্ৰুৱাৰী এই দিনটোৰ আৰঁত । ভেলেণ্টাইন ডে’ৰ আঁৰত আচলতে নায়ক নহয় মূল খলনায়ক জন আছিল ইটালিৰ ৰাজধানী ৰোমৰ ছেন্ট ভেলেন্টাইন । পুৰণি কালত ৰোমত সকলো পৰিয়ালৰ এজন পুৰুষ সদস্যই নিজ দেশৰ সুৰক্ষাৰ স্বাৰ্থত ৰোমৰ সেনাবাহিনীত যোগদান কৰাটো এটা নিয়ম আছিল, আনহাতে সেনাত যোগদান কৰা পুৰুষ সকলে বিয়া পতা নিষেধ আছিল । ছেন্ট ভেলেন্টাইন আছিল ৰোম সেনাৰ এজন সৈনিক। পিছে তেওঁ আছিল গাভৰু ছোৱালী তথা বিশেষকৈ পৰ- স্ত্ৰীৰ সৈতে অবৈধ যৌনতাৰ তৃপ্তি উপভোগ কৰা এজন দুৰ্দান্ত প্ৰেমিক, প্ৰতিদিনে তেওঁ নতুন নতুন দুখীয়া, অভাৱ অনাটনৰ মাজত জীয়াই থকা গাভৰু ছোৱালী তথা বিশেষকৈ পৰ-স্ত্ৰী প্ৰেমিকাৰ সন্ধানত ঘূৰি ফুৰিছিল । আৰু এনেকৈয়ে তেওঁ বহুতো দুখীয়া গাভৰু ছোৱালীক টকাৰ লোভ দেখুৱাই তথা কিছুমান গিৰিয়েক বেপাৰ বানিজ্য কৰিবলৈ বাহিৰত যোৱা ঘৰত গিৰীয়েকৰ অবিহনে থকা পত্নীক ফুচুলাবলৈ সক্ষম হলেই তেওঁ সেই মহিলা গৰাকীক সম্ভোগ কৰি উভতি আহিছিল । কিন্তু সেই সময়ৰ ৰোমৰ সম্ৰাট ক্লাউডিয়াছ আছিল সম্পূৰ্ণ ৰূপে অবৈধ প্ৰেম বিৰোধী । তেওঁৰ ধাৰণা আছিল সৈনিকসকলক বিবাহ, অবৈধ প্ৰেম, যৌন সর্ম্পক আদিৰ পৰা আঁতৰত ৰাখিব পাৰিলেহে ভালদৰে, সঠিকভাৱে দেশসেৱা কৰিব পাৰিব । কিন্তু বদমাছ ছেন্ট ভেলেন্টাইন আছিল ইয়াৰ বিপৰীত তেওঁৰ মতে প্ৰেম আৰু যৌনতা মানুহৰ জন্মগত অধিকাৰ গতিকে ইয়াৰ ওপৰত হস্তক্ষেপ কৰা কাৰো অধিকাৰ নাই। তেওঁ নিজে একাধিক নাৰীৰ লগত অবৈধ প্ৰেমৰ সর্ম্পক ৰাখিছিল আৰু গোপনে কেবাজনো সতীর্থ সেনাক বিয়া পাতি দিছিল । আৰু সেইসকল সৈনিক পত্নীৰ সৈতেও ভেলেন্টাইনে অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলি আহিছিল । এই কথা গম পাই সম্ৰাট ক্লাউডিয়াছে বিচাৰ কৰিবলৈ ছেন্ট ভেলেন্টাইনক মাতি পঠালে কিন্তু ভেলেন্টাইনে নিজৰ মত সলনি নকৰো বুলি কোৱাত তেওঁক কাৰাগাৰত বন্দী কৰি ৰখা হল। কিন্তু বদমাছ ভেলেন্টাইনৰ অবৈধ যৌনতাৰ তৃপ্তি উপভোগৰ প্ৰতি ইমান ধাউতি আছিল যে সি কাৰাগাৰত থাকিও অবৈধ প্ৰেমৰ সর্ম্পক অব্যাহত ৰাখিলে । অবশেষত সম্ৰাট ক্লাউডিয়াছে উপায় বিহীন হৈ ২৭০ খৃষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত এইজন মহা বদমাছ, ধূৰন্ধৰ ভেলেন্টাইনক মৃত্যুদণ্ড বিহে । ছেন্ট ভেলেন্টাইনে তেওঁৰ অবৈধ যৌনতাৰ প্ৰেমক ৰক্ষা কৰাৰ বাবেই নিজৰ জীৱন উর্চগা কৰিছিল । শ্বহীদ নহয়, নিজ স্বাৰ্থৰ বাবেই মৰিছিল ভেলেণ্টাইন । সতী জয়মতীয়ে দেশ প্ৰেম আৰু গদাধৰৰ প্ৰতি থকা বিশ্বাসৰ বাবেই জেৰেঙাৰ পাৰত চাউদাংৰ অত্যাচাৰ সহি সহি দেহ ত্যাগ কৰিছিল । জয়মতীৰ প্ৰেম আৰু দেশৰ হকে কৰা ত্যাগৰ ইতিহাস গোটেই পৃথিৱীতে বিৰল । এনে প্ৰেমক সন্মান কৰক, ভেলেণ্টাইনৰ দৰে দেশদ্ৰোহী ঘৃণাৰহে পাত্ৰ ।
( মন্দিৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *