কোনোবাই সুধিলে সগৌৰৱেৰে কওঁ-
মোৰ পিতাই খেতিয়ক বুলি।
জীৱন কি পিতাইৰ পৰাই শিকিছোঁ,
কষ্ট কি পিতাইৰ পৰাই বুজিছোঁ।
পুৱা উঠি পঢ়াৰ টেবুলত বহিলে,
পিতাইলৈ মনত পৰে।
পুহমহীয়া ঠেঁটুৱৈ লগা জাৰত
পিতায়ে কেনেকৈ আঠুয়নি বোকা সচকি হাল বায়?
পিতায়েতো তেতিয়া সেই ঠাণ্ডাকো কেৰেপ নকৰে।
গৰমত নিজৰ শৰীৰটোক সূৰ্যৰ প্ৰবল উত্তাপত শুকাবলৈ দি ধান কাটে।
ইমানবোৰ কষ্ট আমাক মানুহ কৰাৰ স্বাৰ্থতেইতো কৰিছে।
সেয়ে মই ক’বলৈ অকণো কুণ্ঠাবোধ নকৰোঁ–
মই খেতিয়ক পিতাইৰ জীয়ৰী বুলি।
অনিতা