0 00 1 min 4 yrs 181
তুমি কোন ??
মোক তুমি নোপোৱা চিনি,
নাই মোৰ নিজা পৰিচয়,
কোনোৱে মাতে জখিনি আৰু কোনোৱে ৰাসক্ষী,
মই বোলে সমাজৰ কলংক,
ধৰ্ষিতা মোৰ পৰিচয়।
      মোক ভাল পাওঁ বুলি নকবা,
মোৰ দৰে কলংকিতা নাৰীৰ বাবে প্ৰেম এক নুবুজা সাথঁৰ,
মোৰ বাবে নিসংগ হোৱাটো সাধাৰণ কথা,
তুমি যোৱাগৈ,,,,
মোৰ লগত তোমাক দেখা পালে,
তুমিও নতুন নাম পাবা চৰিত্ৰহীন।
     এবুকু সপোন লৈ!
গুৱাহাটীলৈ গৈছিলো,,,,,,
চাকৰি কৰিম,,,
মা -দেউতাক সুখবোৰ আনি বুকুত বান্ধি দিম,
তাৰ পিছত মোৰ সপোনৰ নাও মেলিম,
কিন্তু,,,,,,,,
এদিন বজাৰ কৰি আহি থাকোঁতে,
হঠাৎ,,,,,,,
নৰ পিশাচৰ বলি হ’ল
মোৰ নাৰীত্ব,
আজুৰি নিলে মোৰ সত্বিত্ব,
পেলাই গ’ল নিমাত ৰাজপথত।
নিজৰ সত্বিত্ব হেৰুৱায় উভতি আহিলো,
মৰমৰ গাঁওখনলৈ,
গাঁওৰ সহজ-সৰল জীৱনলৈ,
কিন্তু,,,,,,,,
সমাজে মোক এলাগী কৰিলে,
ওলিয়াই পঠিয়ালে কলংকিতা সজাই
 এতিয়া ফুটপাথেই মোৰ জিৰণি ঠাই।
আৰু  তুমি ভালপোৱাৰ কথা কৈছা ,
হা-হা-হা-
মই তোমাক ভাল পাব নোৱাৰোঁ,
প্ৰেম, বিবাহ
মোৰ বাবে সপোন
ই কেতিয়াও বাস্তৱায়িত নহয়।
মোৰ উকা কপাল সদায়ে উকা হৈ ৰ’ব
মোক ভালপোৱাৰ কথা নক’বা,
মইতো ধৰ্ষিতা,
কলংকিতা,
চৰিত্ৰহীনা,
সমাজৰ জাৱঁৰ,
আৰু বহুত কিবা কিবা
মই নোৱাৰো তোমাক ভাল পাব।
নুমলী শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *