0 00 1 min 4 yrs 186
দে খা দিয়া এক আধা অঁকা প্রতিচ্ছবি
কোনোবা চিত্রকৰৰ নিপুণ হাতৰ পৰশত
প্রাণ পাই উঠিবলৈ আৰু কিছু বাকী
হয়টো ৰং তুলিকাৰ পৰশ পোৱা নাই এতিয়াওঁ |
চিত্রকৰৰ চিন্তা হয়টো এটাই..
কি ৰূপ দিব তুলিকাৰে
ভিতৰৰ নে বাহিৰৰ !
মানৱৰ বাহিৰৰ ৰূপটো 
য’ত এখন মুখাৰে ঢাকি ৰাখি
সমাজত ভাল মানুহৰ খ্যাতি লয়
নে ভিতৰৰ ৰূপটো
যিটো ৰূপে চিনি নাপায় 
মানৱতা,দয়া ক্ষমা অথবা প্রেম ভাতৃত্ব |
চিনি নাপায় জাতি,মাটি ,ভেটিৰ অস্তিত্ব
কেৱল হিংসা, ধৰ্ষণ,হত্যা, লুন্ঠনেই লক্ষ্য,
আপোন ভেটিত বহিবৰ বাবে আমন্ত্রণ দিয়ে
অনাহুত আলহিক  |
যেন বদনৰ তেজবোৰ উঠলি উঠিছে
আকৌ মানক আমন্ত্রণ দিছে
নিজৰেই আপোন জনক
মানৰ হাতত বিকিছে..
আপোনজনৰ মঙহ বিকি টকা ঘটিছে
সেই ৰূপটো দেখুৱাবনে ?
চিত্রকৰ বিমোৰত পৰিছে |
পঞ্চাশ উৰ্ধ মাতৃ ধৰ্ষিত হৈছে
নকৈ পাহিমেলা ফুলৰ দৰে ভনিয়ে
সতীত্ব হেৰুৱাইছে
আনকি কোলাৰ কেঁচুৱাটোও
সাৰি যোৱা নাই…|
চিত্রকৰ চিন্তাম্বিত
দিব নেকি সেই কদৰ্য্য ৰূপ
যি  ৰূপে সংহাৰ কৰি আছে দিনে দিনে
শান্তিৰ কপৌ হালি ¡
কি ৰূপেৰে সজাই তুলিব ছবিখন
চিত্রকৰ বিমোৰত পৰিছে |

Leave a Reply

Your email address will not be published. Required fields are marked *