0 00 1 min 4 yrs 228

তুমি যাবলৈ ওলাইছা ন
হেজাৰ বাধা দিলেওঁ তুমিটো যাবাই,
কিন্তু যোৱাৰ আগতে কিছুকাম
কৰিবলৈ যে এতিয়াওঁ বাকী ৰ’ল |
দানৱৰ হাতত ধৰ্ষিতা মোৰ অসমী আই
ধৰ্ষিতা হৈয়ে ৰ’ল..
বদনৰ আমন্ত্রণত এতিয়া মানৰ আগমন
পাবত গজাটোৱেই শেল হৈ বিন্ধিলে বুকুত
শুনিছানে…?
তুমি যদি আৰু কিছু দিন ৰ’লা হেঁতেন
কিজানিবা আইৰ দুখবোৰ নিবাৰণ
কৰিব পাৰিলাহেঁতেন |
আয়ে জনম দিছিল কুঁলাঙ্গাৰ পুত্রক
সিহঁতে নুবুজে সিহঁতক জনম দিওঁতে
প্রসৱ বেদনাত আয়ে যে কিমান কষ্ট পাইছিল ,
এতিয়া সম্পত্তিৰ লালসাত আইৰ বুকুত
শতৰু বহুৱালে..
আয়ে যে কিমান কান্দিলে
তথাপি গা নলৰিলে সিহঁতৰ |
সিহঁতৰ হৃদয়বোৰত
এতিয়া মাথোন শিল গজিছে
শুনিছানে….
যাব ওলাইছা যোৱা..
হয়তো যাবৰ সময়ত তুমিওঁ
বুকুত বান্ধি লৈ যাবা সুখ দুখৰ
অলেখ স্মৃতি….
এখিলা সৰা পাতৰ দৰেই
পৰি ৰব এটি বছৰ সময়ৰ বুকুত..
হে  2019 ..
বহুত দুখেৰে তোমাক দিলো বিদায়
থাকিবা তুমি  সলোৰে  হিয়াত সদায়..|

Leave a Reply

Your email address will not be published. Required fields are marked *