নদীৰ অবিশ্ৰান্ত সোঁত
যি ফালে বলে ……….
শতাব্দীত আবেগবোৰ
আবেগিক হৈ
ৰিঙিয়াই মাতে।
শীতাৰ্ত অনুভৱী সন্ধিয়া
আমন্ত্ৰনত বিচাৰিলেও
ৰাজ আতিথ্য,
জৰাজীৰ্ণ পজাৰ স্মৃতিয়ে
অনৰ্গল অহোৰাত্ৰ গাই যায়
তামৰঙী কৰ্মবাচ্য।
শিখা বেজবৰুৱা গোস্বামী