শীতৰ শীতল বতাহজাকে
হিয়া-মন পৰশিলে মোৰ
এবুকু হেঁপাহ জাগিল
তোমাক পাবলৈ
দুচকু মুদিয়ে সাবটি ললো
তুমি বুলি শীতল বতাহজাককে
আৰু পৰশ পাঁলো
যৌৱন দেহত চেঁচা শিহৰনৰ
যাচিবলৈ মন গ’লও তোমাক
শীতল কলিজাৰ মিঠা মৰম
যাৰ উতলোৱা আবেগত
উতি ভাহি ফুৰিবা তুমি
দুচকুত ভাহি উঠিব
এসাগৰ মৰম
কেনেকৈ যাচিম ও ইমানবোৰ মৰম
মৰমত সাবটি ল’বা মোক দুবাহুৰ মাজত
আঁকি দিবা কপালত মৰমৰ চুম্বন
লাজতে ৰঙা-চিঙা পৰি ৰ’ব মোৰ দুগাল।।
মমী কলিতা
টিহু