0 00 1 min 4 yrs 231

য়া নহয় কংক্ৰীটৰ মহানগৰীৰ গেলা দুৰ্গন্ধ
এইয়া মানৱ দেহৰ 
পচা শৰীৰৰ দুৰ্গন্ধ 
মহানগৰীৰ কোলাহলবোৰ
ক’ত হেৰাল
মোৰ চৌপাশে চোন কেৱল
কেঁচা তেজৰ কৰাল
অৱসান ঘটিছে মহামাৰীত প্ৰাণ যোৱা
নশ্বৰ দেহবোৰ 
চৌদিশে চোন কেৱল
নৰ কংকালবোৰ
হাবাথুৰি খাইছো শুকান মৰুভূমিত
মৰিচীকা খেদি খেদি
চৌপাশে চোন কেৱল
জ্বলন্ত শিখাৰ দপদপনি
সঞ্জীৱনীৰ ঠিকনা
আৰু কিমানদূৰ বাট…?
অৱস হৈ পৰিছো মই
ঠৰ নাইকিয়া হৈছে মোৰ দেহাৰ
ক্ৰমে….মাটিত ঢলি পৰিছো
আৰু… দুচকু জপাই দিছো
এক অজান বাস্তৱৰ কল্পনাত…..
  চয়নিকা ৰাভা

Leave a Reply

Your email address will not be published. Required fields are marked *