0 00 3 yrs 181

মাজুলীৰ এগৰাকী অসাহায় মহিলাৰ কৰুণ বিননি , চৰকাৰলৈ সহায়ৰ প্ৰাৰ্থনামাজুলী জিলাৰ নতুন কঢ়াল গাঁৱৰ গুনিমাই বাৰিক নামৰ এগৰাকী ৫৮ বছৰীয়া বৃদ্ধাৰ কৰুণ বিননি শুনিলে আপোনাৰো মন দুখত ভাগি পৰিব ।স্বামীহীনা নিঠৰুৱা এই মহিলা গৰাকীয়ে ভৰিৰ হাঁড় ভগা স্বাস্থ্য ই চিকিৎসাৰ অভাৱত বিষত কোঙা হৈ পাৰ কৰিব লগা হৈছে বিনিদ্ৰ ৰজনী ।জানিব পৰামতে অকলশৰীয়া মহিলা গৰাকীয়ে আজি চাৰি পাঁচ মাহ মানৰ আগতে পৰি ভৰিৰ কৰঙনৰ চুকত আঘাত পায় শয্যাশায়ী হ’ব লগা হৈছিল । বৃদ্ধা গৰাকী সেই দিন ধৰি অৰ্থ ৰ অভাৱত বিশেষ চিকিৎসা কৰিব নোৱাৰৰ বাবে বৰ্তমান এদাল বাঁহৰ লাখুটি লৈ অসহায় ভাৱে জীৱন পাৰ কৰিব লগা হৈছে । এফালে কৰ’ণা প্ৰৰিস্থিতিত খাদ্য সংকতে দেখা দিয়া দৰিদ্ৰ মহিলাগৰাকীক স্থানীয় দুই এগৰাকী মহিলাই সহায় সহযোগ কৰি আছে যদিও এক উন্নত চিকিৎসাৰ বাবে মহিলা গৰাকীয়ে ৰাইজ তথা চৰকাৰৰ সহায় বিচাৰি প্ৰাৰ্থনা জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *