মানিকপুৰৰ কোকিলাত এটা ব্যস্ত পথৰ দুৰাৱস্থা।
ৰাইজে ঠেলি পাৰ কৰি দিবলগা হয় ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চ।
জীয়াতু ভুগিছে দূখন জিলাৰ হাজাৰ হাজাৰ পথচাৰীয়ে ।
বঙাইগাঁও জিলাৰ মানিকপুৰৰ কোকিলাত এটা সদাব্যস্ত পথৰ দুৰাৱস্থা দেখি হয়তো আপোনাৰো চকু কপালত উঠিব।
পথ নে পথাৰ ধৰিবই নোৱাৰি।
সামান্য এজাক বৰষুণতে বোকাময় হৈ পৰে এই পথটো।
আবদ্ধ হৈ পৰে ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চকে ধৰি শ শ যান-বাহন।
জীয়াতু ভুগিব লগা হয় হাজাৰ হাজাৰ পথচাৰী। বঙাইগাঁও আৰু বৰপেটা জিলাৰ যোগসুত্ৰ স্থাপন কৰা কিৰ্তনপাৰা গোলাপাৰা নাম্বাৰপাৰা চাকলা কোকিলা হৈ বৰপেটা জিলাৰ কলগাছিয়ালৈ যোৱা একমাত্ৰ পথটোত জলা কলা খাবলগীয়া হৈছে ৰাইজে।
কোকিলাৰ মনাকুছা মৰা মানাহৰ ওপৰত SOPD আঁচনিৰ অধীনত ২৫ লাখ টকা ব্যায় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা কালভাৰ্টৰ পশ্চিম ভাগৰ এপ্ৰোচ খিনি সঠিক ভাৱে নিৰ্মান নকৰাৰ বাবে সম্প্ৰতি মৰণফান্দত পৰিণত হৈছে কালভাৰ্ট টো।
তাৰোপৰি কালভাৰ্টৰ পশ্চিম অংশত শিল বালি পেলোৱাৰ পৰা দূৰত আছে ঠিকাদাৰ ৰাতুল ৰায়।
যাৰ বাবে সামান্য এজাক বৰষুণত যাতায়ত ব্যাহত হৈ পৰে।
নিতৌ এম্বুলেঞ্চৰ পৰা আদি কৰি জৰুৰী কালীন সেৱাৰ যান বাহন ৰাইজে ঠেলি ঠেলি পাৰ কৰিব লগা হয়। সেয়ে অনতিপলমে ৰাস্তাৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।
মন্তব্যঃ সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ সভাপতি, আৰু পথচাৰী।