নৈ খন বৈ আছিল, বৈ আছে,
বৈয়ে থাকিব…..
বৈয়ে থাকিব…..
নৈ খনৰ লগতেই মোৰ আজন্ম প্ৰেম
যি মোৰ পূৰাতন সপোন……..
যি মোৰ পূৰাতন সপোন……..
নৈৰ সৰু বৰ ঢৌৱে পলসুৱা কৰা
সুকোমল হৃদয়ৰ মাটিত
লহপহাই বাঢ়ি আহা
সেউজীয়া আঁশা,
পোত গ’ল আজিকালি
নৈ পাৰৰ শুকান বালিত…..
সুকোমল হৃদয়ৰ মাটিত
লহপহাই বাঢ়ি আহা
সেউজীয়া আঁশা,
পোত গ’ল আজিকালি
নৈ পাৰৰ শুকান বালিত…..
নৈৰ পানীতে জিলিকি জিলিকি উঠা
মোৰ জীৱনৰ শেষ ঠিকনা
টিক’টিককৈ ৰঙা কপালৰ বেলিটো,
দেখিছানে
সন্ধিয়াৰ কুলু কুলু সুৰৰ ঢৌত
নাচি নাচি হেৰাই গ’ল…..।
মোৰ জীৱনৰ শেষ ঠিকনা
টিক’টিককৈ ৰঙা কপালৰ বেলিটো,
দেখিছানে
সন্ধিয়াৰ কুলু কুলু সুৰৰ ঢৌত
নাচি নাচি হেৰাই গ’ল…..।
নৈৰ পাৰৰ মাটিত আজিকালি
সৰিয়হডৰা নুফুলে, পলস ও নপৰে,
সৰিয়হডৰা নুফুলে, পলস ও নপৰে,
বিশাল আকাশৰ তলত
মাটিৰ বুকুয়েদি বৈ থকা নৈ খনত
আজি কালি নুফুলে
সেউজ আত্মাৰ অন্তহীন স্বপ্নৰ ফুল,
নুফুলে সন্ধিয়াৰ কাঁচিজোন,
মাটিৰ বুকুয়েদি বৈ থকা নৈ খনত
আজি কালি নুফুলে
সেউজ আত্মাৰ অন্তহীন স্বপ্নৰ ফুল,
নুফুলে সন্ধিয়াৰ কাঁচিজোন,
মৰহি গ’ল শত শত মাছমৰীয়াৰ জীৱন
আৰু জীৱিকাৰ সোণালী সপোন
নৈৰ অন্তহীন পলসুৱা চেতনাত
জিলিকি নুঠে চহাৰ ঘৰ্মাক্ত জীৱন যৌৱন
বৃক্ষহীন নৈৰ পাৰত
আৰু জীৱিকাৰ সোণালী সপোন
নৈৰ অন্তহীন পলসুৱা চেতনাত
জিলিকি নুঠে চহাৰ ঘৰ্মাক্ত জীৱন যৌৱন
বৃক্ষহীন নৈৰ পাৰত
ওখ ওখ দালানবোৰৰ কিৰিলনিত,
নৈখন এতিয়া উদ্যোগ পতিৰ
ৰমৰমীয়া বেহাৰ থলী হ’ল।
নৈখন এতিয়া উদ্যোগ পতিৰ
ৰমৰমীয়া বেহাৰ থলী হ’ল।
সাৰুৱা আৱৰ্জনাবোৰে ৰুগ্ন কৰা
নৈৰ ঢৌত মাছ কাছ শিহুবোৰে
হেৰুৱালে সিহঁতৰ ঠিকনা,
নৈৰ ঢৌত মাছ কাছ শিহুবোৰে
হেৰুৱালে সিহঁতৰ ঠিকনা,
সময়ৰ নৈখনিও সলনি হ’ল
সলনি হ’ল ঐতিহাসিক পৰম্পৰা
আৰু চেতনাবোধ…..
কল পাতৰ ৰভা তলৰ বিয়াখন
পেণ্ডেলৰ পৰা আজি বিবাহ ভৱনত,
গছতলৰ মুকলি বিহু
মঞ্চ বিহু হ’ল,
সলনি হ’ল ঐতিহাসিক পৰম্পৰা
আৰু চেতনাবোধ…..
কল পাতৰ ৰভা তলৰ বিয়াখন
পেণ্ডেলৰ পৰা আজি বিবাহ ভৱনত,
গছতলৰ মুকলি বিহু
মঞ্চ বিহু হ’ল,
বাটে ঘাটে অলিয়ে গলিয়ে চান্দা বৰঙনীৰ
এক বিজতৰীয়া সংস্কৃতি,
হুচৰি, জেং বিহু, লোকনৃত্য ৰ স্থানত
ডলী-ডলী উপবিষ্ট হ’ল,….
এক বিজতৰীয়া সংস্কৃতি,
হুচৰি, জেং বিহু, লোকনৃত্য ৰ স্থানত
ডলী-ডলী উপবিষ্ট হ’ল,….
সুঁতি সলাই সলাই
এনেকৈয়ে বৈ আছে বৈ থাকিব
জাতীয় সংস্কৃতিৰ নৈখন….
হয়তো নাজানিব পাৰো নৈৰ গতি
কোনদিশে ধাবমান….
নৈখন কিন্তু বিয়ে থাকিব……
এনেকৈয়ে বৈ আছে বৈ থাকিব
জাতীয় সংস্কৃতিৰ নৈখন….
হয়তো নাজানিব পাৰো নৈৰ গতি
কোনদিশে ধাবমান….
নৈখন কিন্তু বিয়ে থাকিব……