0 00 3 yrs 238


মুকালমুৱাৰ মুগদিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী আব্দুল মতিব কাকতিক ৷
১৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ ৷


মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নিশা মুগদিৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল মতিব কাকতিক ৷
মুকালমুৱা আৰক্ষীয়ে বিগত সপ্তাহত মুকালমুৱাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ,নিচাজাতীয় টেৱলেট আৰু ঔষধ ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত ২৫৩/২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ২২ (বি) ধাৰা ৰুজু কৰি আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷

সমৰজিৎ

Leave a Reply

Your email address will not be published. Required fields are marked *