0 00 1 min 3 yrs 228


ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে এই আপ্তবাক্যশাৰী পুনৰ প্ৰমাণ কৰি আজি এগৰাকী বৃদ্ধা মহিলাৰ উদ্ধাৰ হয় ভৰা পাগলদিয়া নদীত ৷ ভৰা পাগলদিয়া নৈত ২০ কিলমিটাৰৰো অধিক দুৰত্ব উটি গৈও জীৱন্তে উদ্ধাৰ হ’ল এগৰাকী বৃদ্ধা ৷ নলবাৰীৰ বৰমুৰিকোণাৰ অতুল ডেকাৰ পত্নী সুবলা ডেকা নামৰ মহিলাগৰাকীয়ে আজি পুৱা ফুৰিবলৈ আহোঁতে ভৰা পাগলদিয়া নৈত পৰি যায় । মুহূৰ্ত্ততে পাগলদিয়াৰ কোবাল সোঁতে উটুৱাই নিয়ে বৃদ্ধা গৰাকীক ৷ প্ৰায় ২০ কিলমিটাৰ দক্ষিণৰ মুকালমুৱাৰ আদাবাৰী সুতাৰকুছিৰ স্থানীয় একাংশলোকে বৃদ্ধা গৰাকীক পাগলদিয়া নৈৰ পৰা জীৱন্তে উদ্ধাৰ কৰে ৷ পাগলদিয়া নৈৰে উটি অহা মহিলাগৰাকীক সুতাৰকুছি গাঁৱৰ একাংশ লোকে প্ৰত্যক্ষ কৰি মহিলাগৰাকীক নৈৰ পৰা জীৱন্তে উদ্ধাৰ কৰি আদাবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ মহিলা গৰাকীৰ ভিতৰত নৈৰ পানী সোমাই অসুস্থ হৈ পৰে যদিও চিকিৎসকে মহিলাগৰাকীক সংকট মুক্ত বুলি জানিবলৈ দিয়ে ৷ অন্যহাতে মহিলা গৰাকীৰ শৰীৰত কভিড ১৯ পজিটিভ ধৰা পৰে ৷

মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *