0 00 3 yrs 225
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা গাঁৱৰ এজন দশম শ্ৰেণীৰ ছাত্ৰৰ নিৰুদ্দেশৰ খবৰে ব্যাপক চাঞ্চ্যলৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ গাঁৱখনৰ গুণেশ্বৰ বৰ্মনৰ ১৬ বছৰীয়া পুত্ৰ বিকাশ বৰ্মনে কালি দিনৰ ভাগৰ পৰা নিৰুদ্দেশ হৈ থকা খবৰে পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে গাওঁবাসীকো চিন্তিত কৰি তুলিছে ৷
 পৰিয়ালৰ লোকে সদৰী কৰা মতে কালি দিনৰ ১০ মান বজাত ঘৰৰ পৰা চাইকেল লৈ আন দিনাৰ দৰে ওলাই গৈছিল ৷ দুপৰীয়াৰ ভাগলৈকে বিকাশ ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালটি ৷ সন্ধিয়া পৰলৈকে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত পৰিয়ালৰ লোক তথা আত্মীয়্ই বিচাৰি চলাথ কৰাত বিশালৰ কোনো শুংসুত্ৰ নোপোৱাত পৰিয়ালৰ লোকে কাষ চাপে দৌলাশাল আৰক্ষীৰ ৷
আজি পুৱা পৰ্যন্ত পৰিয়ালৰ লোক তথা আৰক্ষীয়ে বিশালৰ কোনো সম্ভেদ উলিয়াব নোৱাৰাত অধিক চিন্তিত হৈ পৰে বিশালৰ পিতৃ গুণেশ্বৰ বৰ্মন, মাতৃ জুনু বৰ্মন, ভাতৃ সমন্নিতে আত্মীয় তথা গাওঁবাসী ৷ দমদমা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰজনৰ কোনো সদাশয় লোকে সম্ভেদ পালে 8135950481 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *