0 00 1 min 4 yrs 221

২ফেব্ৰুৱাৰী ২০২০:

বিহপুৰীয়াৰ মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ নাহৰ আটী থান সত্ৰ দৰ্শন কৰি সেৱা জনায় আৰু সত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৫ সংখ্যক ৰাজ্যিক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ।

সমন্বয়ৰ মহান ভাবধাৰাৰে মহাপুৰুষজনাই এখন শৃংখলাবদ্ধ সমাজ গঢ়াৰ পথ দেখুৱাই থৈ গৈছে। তেখেতৰ অমৰ বাণীক সাৰোগত কৰি এখন ভাতৃত্ববোধসম্পন্ন সমাজ গঢ়াৰ যাত্ৰাত আমি ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব।
লগতে আৰু জানিবলৈ দিয়ে যে
“শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে ইতিমধ্যে চাবুৱাত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আগন্তুক বৰ্ষৰপৰা তেখেতৰ স্মৃতিত এটি ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰৱৰ্তন কৰা হ’ব। তদুপৰি, স্থানীয় ৰাইজৰ সহযোগত এমাহৰ ভিতৰতে নাহৰ আটী থান সত্ৰক বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তক আজি নিৰ্দেশ দিছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *