0 00 1 min 4 yrs 169

✍ অংকুৰিতা ফুকন
অামি সেই মুলুকৰ বাসিন্দা
য’ত ভোকে-পিয়াহে গোন্ধ লওঁ
 সহোদৰৰ গাৰ মঙহৰ
কৌশলী হাতেৰে ধৰি খাব নোৱাৰোঁ
পানীত ওপঙি থকা মাছবোৰ
বাট চাওঁ ৰং চাবলৈ অান
 এখন মহাসমৰৰ
অামি পৰিচালিত হওঁ
এজন অদৃশ্য ঈশ্বৰৰ হাতত
সহযোগী ক্ৰুৰ নিশাবোৰৰ
সাক্ষী হওঁ অান্ধাৰৰ অভিসন্ধিবোৰৰ
অামি বাসিন্দা বিশ্বৰ 
অন্যতম শ্ৰেষ্ঠতম মুলুকৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *