0 00 1 min 4 yrs 228

মোৰ মৃত্যু হোৱা শৰীৰত উপজিছে 
এজোপা লতা ,‌
সেই লতাৰ মাজত ৰচিত হৈছে এটি গান  ;
বিষাদৰ ।
মোৰ শৰীৰ পৰি ৰৈছে 
অজান , নিৰ্জন, 
শ্মশানত ।
মই পৰি ৰৈছো ।
মই বিলিন হৈছো বতাহৰ স’তে,
মিলি গৈছো ডাৱৰৰ লগত‌।
সেই বিষাদ গান আজি নিমাত ।
                
      ধনজিৎ নাথ 
      তাৰিখ -০৬-০৪-২০২০

Leave a Reply

Your email address will not be published. Required fields are marked *