তাতে এজাক চিপচিপীয়া বৰষুণ
নিমিষতে অন্ত পেলাই
আকৌ মাৰেহি ভুমুকি সন্ধ্যাচলত।
এচপৰা কলীয়া মেঘ আহে ভাঁহি
পুনৰ কামনাৰ বৰষুণজাকো
আশাৰ দোমোজাত পৰিছে
তোমাৰ প্ৰেমৰ মাতাল প্ৰেমিকজন।
বুকুত কিহবাই হেচুকি দি ধৰিছে
পদূলিত আকৌ ছাঁ পোহৰৰ খেলা
জীৱন্ত প্ৰতিমূৰ্ত্তি হৈ থিয় দি থকাৰ
অহেতুক হুংকাৰ আপোন প্ৰাঙ্গনত।
জিৰণি বুলি কোৱা শব্দটি
মোৰ হৃদয়ৰ পৰা কাহানিবাই আঁতৰি গ’ল
আজি বহু দিনেই হ’ল
বিষাদ এচপৰাও বুকুতে খোপনি পুতি ৰ’ল।
কোনে জানে ; কোনেনো সিঁচিব
বিষাদৰে পৰিপূৰ্ণ ধপধপনি বোৰ
জীৱনেও মাগিব বিদায়
আধাতে সামৰিব লাগিব ভাও।
মৃদাঙ্ক দিহিঙ্গীয়া
কৌপাতী