0 00 1 min 5 yrs 209
অৱশেষত,
এজন গৰখীয়াৰ উদাত্ত চিঞৰত
গছজোপাৰ পৰা সৰি পৰিল
পৰিপক্ক কেৰ্কেৰটোৱাটো
জীৱনটো জীয়াই ৰাখিবলৈ আমাক
কিমান জ্ঞানৰ প্ৰয়োজন
ভুল হৈ যায়
গণিতজ্ঞৰ নিপুণ হাতত
নিৰ্বাচনৰ ভোটৰ অংক
জ্যোতিষীৰ দিব্য দৃষ্টিয়ে ঢুকি নাপায়
আহিবলগীয়া জীৱনৰ আগজাননী
সঁচাই পৃথিৱীত
আন্ধাৰৰ কুঁৱলী পৰিছে
অন্ধবিশ্বাসে আগুৰি থকা আমাৰ সমাজ
অবিশ্বাসে আগুৰি ধৰা আমাৰ মন-মগজু
আঁতৰি গলে আৰু বিচাৰি নোপোৱা মোক
কেতিয়াবা নিজৰ জিভালৈকো সন্দেহ !
আমিনো কি জানো
শিকিছোঁ কিছু কথা
বোমাই পুৰি ছাই কৰাৰ পিছত
মানুহবোৰে শান্তিৰ গান গাইছে
তুমি কৰা প্ৰতাৰণাই মোক
সজাগ কৰি তুলিছে
মানুহবোৰ পৰিবৰ্তনলৈ আগবাঢ়িছে
আশাবাদী মানুহবোৰে চিঞৰি উঠিছে
পৃথিৱী এদিন হেজাৰ অনাথৰ আশ্ৰয় হব
গৃহহীন ভগনীয়াৰ আশ্ৰম ।।।
                                     মৃদুল মোহান দলে,
                                     ঢকুৱাখনা

                                     

Leave a Reply

Your email address will not be published. Required fields are marked *