0 00 3 yrs 231
 

আজমল নেতৃত্বাধীন এআইডিএফে অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা দলটোৰ দখলত থকা ৮৩ নং ধিং বিধান সভা সমষ্টিৰ মৈৰাবাৰীস্থ ইন্দিৰা খেলপথাৰ প্ৰাংগনত আজি দিনৰ ২ বজাত অসম জাতীয় পৰিষদৰ এখনি গন সমাবেশ ও যোগদান সমাৰোহ অনুষ্টিত হৈ যায়।হাচেন আলিয়ে সভাপতিত্ব কৰা গণ সমাবেশখনত নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে।গগৈয়ে ভাষন প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতিক সমালোচনা কৰি কয় যে চৰকাৰে দূখীয়া জনসাধাৰনক প্ৰদান কৰা অনুদানৰ হিতাধিকাৰীসকলক বিজেপি নেতৃত্বই ভোট বেংক বুলি অভিহিত কৰা কাৰ্য অত্যন্ত দূৰ্ভাগ্যজনক।আনকি নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু ইউডিএফ দুয়োটা দলতে মানুহ থকা বুলি কৈ ৰাইজক সমাগত নিৰ্বাচনত জাতীয়তাবাদৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।আজিৰ সভাখনত দলটোৰ কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা,সম্পাদক প্ৰধান জগদীশ ভূঞা,মুখপাত্ৰ জিয়াউৰ ৰহমানকে আদি কৰি প্ৰায় ১০ গৰাকীকৈ কেন্দ্ৰীয় নেতা আৰু এক সহস্ৰাধিক লোক উপস্থিত আছিল।

ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিৰ্পট ।

Leave a Reply

Your email address will not be published. Required fields are marked *