0 00 1 min 6 yrs 125
: হেল্ল’….হয় মই হীৰকে কৈছো…. হয় মই পৰহিলৈ নগাওঁ যাম…. হয় আপোনাৰ ঘৰতে বহুৱাবলগীয়া টাৱাৰটোৰ কামৰ বাবে যাম…. হয় মই চিনি পাইছো আপোনাক…. ঠিক আছে বাৰু…. শুভৰাত্ৰী।
উফফ: প্ৰথমগৰাহ ভাত মুখত ভৰাইছিলোহে, আহিলেই নহয় ফ’নটো। এই ম’বাইলটোৰ পৰা আৰু শান্তি নাই। বন্ধ কৰিও ৰাখিব নোৱাৰি, ক’ত কেতিয়া টাৱাৰৰ গন্দোগল হয় ঠিক নাই। য’ত কূটৰ ঘাই মোৰ এই চাকৰিটো। ক্লাষ্টাৰ ইঞ্জিনিয়াৰৰ চাকৰিত ইমান অশান্তি বুলি জনা হ’লে ইলেট্ৰ’নিক্স ইঞ্জিনিয়াৰেই নহলো হেটেন। কিন্তু উপাই নাই, চৰকাৰী চাকৰি এটাও গোটাব নোৱাৰিলো। লগৰ কপিল, নিপন, অজিতহতে চৰকাৰী ইঞ্জিনিয়াৰ হৈ কোৰোনাৰে ধন চপাব লাগিছে, ইফালে কামৰ বোজা বুলিও একো নাই। মোৰ আকৌ উপাৰ্জনো সীমিত আৰু এইফালে কামৰ বোজাত অকাল বাৰ্ধক্য নামো নামো। নকৰিলেও নো আৰু কি কৰিম। কৰ্মই ধৰ্ম বুলি বৈথা মাৰিয়ে আছো আৰু। মানুহে বিস্বাস নকৰে যদিও সঁচাকৈয়ে কামৰ হেচাত আহৰি নাপই বত্ৰিশ বছৰ পাৰ হোৱাৰ পাছতো বিয়াখন পাতিব পৰা নাই। কেতিয়াবা সকলো এৰি থৈ বুদ্ধদেৱক বিছাৰি যাবলৈ মন যায়। কিন্তু মা-দেউতাৰ মুখলৈ মনত পেলায়ে সেই হাবিয়াস দলিয়াই দিও। আজিও অফিচৰ পৰা আহোতে পলম হ’ল। আহিয়ে প্ৰেচাৰ কুকাৰত চাউলকিটা দি জুইত উঠাই দিলো। মুৰ্গীৰ মাংস একপ্লেট ৰেষ্টুৰেন্তৰ পৰা লৈয়ে আহিছো। হাত ভৰি ধুই আজৰি হও মানে ভাত সিজোৱা হলেই। তাকেই গৰমে গৰমে খাবলৈ ওলাওতেই জহনি যোৱাটো বাজিলেই।
এয়াৰচেলত চাকৰি কৰা আঢ়ৈ বছৰ হ’ল যদিও পদবীটো এতিয়াও স্থায়ী হোৱানাই। গুৱাহাটিত ভাড়াঘৰত অকলে থাকো। মা-দেউতা গাওঁৰ ঘৰত থাকে। বিয়াখন পাতিম বুলি টকাও অলপ অচৰপ গোটাইছো। তাৰে আগতে গুৱাহাটিত মাটি অলপ কিনাৰ হেপাহ এটা আছে। সকলো ঠিকেই চলি আছিল। কিন্তু দুমাহ মানৰ পৰাই মোক অদ্ভুত মৃত্যুভয় এটাই লগ ধৰিছে। কথাবিলাকো সঘনাই আৰু ভয়লগাকৈ পাহৰিব ধৰিছো। কোনোবাই যেন অহৰহ মোক অনুসৰণ কৰি থাকে। মোৰ কাষে কাষে ঘুৰি ফুৰে। অনবৰত কাণত কিবা ফুচফুচাই কৈ থাকে। ফুচফুচনিটো কেতিয়াবা প্ৰতিধ্ধনি হয়। মোৰ চেতনাৰ গভীৰৰ পৰা যেন কোনোবাই কয় “গুছি আহ ইয়ালৈ, তাত কি কৰিছ। ইয়াত ইমান আৰাম, ইমান শান্তি।“, আৰু তেতিয়াই মই সকলো পাহৰি যাও। আপোনমনে কিবা অজান দেশ এখনলৈ যেন গুছি যাওঁ। আৰু তাৰ পাছতে নিজকে সম্পূৰ্ণ এক বেলেগ পৰিবেশত আৱিস্কাৰ কৰো। মোৰ লগত এই পৰিঘটনাটো বহু বছৰ আগতে মই স্কুলত পঢ়ি থাকোতেও ঘটিছিল। কিন্তু ডাঙৰ হৈ অহাৰ পিছত লাহে লাহে আতৰি গৈছিল। আৰু তাৰ পাছত সেইবোৰ সকলো পাহৰিয়ে গৈছিলো। কিন্তু যোৱা তিনি চাৰি মাহৰ পৰা হথাতে আকৌ কিবাকিবি বোৰ হ’বলৈ ধৰিছে। গুৱাহাটীত মই থকা ভাড়াঘৰটো চাণ্ডমাৰীত আছে। সেইদিনা অফিচৰ পৰা আহি থাকোতে হথাতে নিজকে খানাপাৰাৰ ফ্লাইঅ’ভাৰ খনৰ তলত আৱিষ্কাৰ কৰিলো। মই চাণ্ডমাৰী যাবলৈ এৰি কেতিয়া যে কেনেকৈ খানাপাৰা ওলালো কবই নোৱাৰো। ভালেকেইদিন দুপৰীয়া ভাত খোৱা হোটেলখনত পইচা নিদিয়াকৈ ওলাই আহিছো। চিনাকী হোটেল বুলিহে ৰক্ষা। আজিকালি মাহেকীয়া হিচাপ কৰি লৈছো।
এদিন আকৌ অফিচত লাগিল হাহাকাৰ। কাম কৰি থকাৰ মাজতে এজনে ক’লে মোক বছে মাতিছে। বছৰ কোঠালৈ গৈ দেখো অচিনাকী মানুহ এজন বহি আছে। মই সুধিলো চাৰে মাতিছিলে, তেওঁ নাই নেকি। মানুহজনে মোৰ পিনে অদ্ভুত দৃষ্টি এটা দি মই দ্ৰাগছ লোৱা আৰাম্ভ কৰিছো বুলি মোক ভত্…সৰ্না কৰিলো। মই ওলোটাই ধমকি লগাই দিলো কি অচিনাকী মানুহক যা তা কবলৈ আহিছে বুলি। মোক আচৰিত কৰি মানুহজনে চিঞৰি চিঞৰি গালি পাৰিবলৈ ধৰিলে মোৰ নাম লৈ যে এই হীৰক জ্যোতি শইকীয়া পাগল হ’ল। মই আচৰিত হ’লো মোক নাম সহকাৰে চিনি পোৱা এইজন কোন মানুহ হ’ব পাৰে বুলি। ভালে কেইজন সহকৰ্মী লৰালৰিকৈ কোঠাটোলৈ সোমাই আহিল কি হৈছে চাৰ কি হৈছে চাৰ বুলি। মই কিবা কোৱাৰ আগতেই মানুহজনে উত্তেজিত হৈ ক’লে যে মাহৰ শেষৰ এই সোপা ব্যস্ততাৰ মাজত মই তেওঁৰ লগত ধেমালি কৰিছো। সকলোৱে মোৰ মুখলৈ চাই ৰল। মই কলো যে এইজন মানুহে মোক দ্ৰাগছ লোৱা বুলি বদনাম কৰিছে অথচ মই তেওঁক চিনিয়ে নাপাওঁ। সকলোৰে চকু কপালত উঠিল। এজনে কলে যে হীৰক, ৰাজেন চাৰক তুমি কেতিয়াৰ পৰা চিনি নোপোৱা হ’লা? মইতো দস্তুৰমত হতভম্ব হলো। কাৰণ এই অচিনাকী মানুহজন ৰাজেন চাৰ কেনেকৈ হ’ব পাৰে। আঢ়ৈ বছৰ ধৰি একেটা অফিচতে কাম কৰাৰ পাছত মই বাৰু মোৰ চাৰকে চিনি নোপোৱা হ’মনে? মই ৰাজেনচাৰৰ মুখখন মনত পেলাবলৈ চেষ্টা কৰিলো। কি আচৰিত, মোৰ একোৱেই মনত নপৰিল। লাজে দুখে খঙে একো নাই হৈ অফিচৰ পৰা ওলাই আহিলো। সেইদিনাৰ পৰা সেই অচিনাকী মানুহজনকে ৰাজেন চাৰ বুলি ধৰি ললো। তাতোকৈ আচৰিত কথা আজিলৈকে ৰাজেনচাৰৰ মুখখন মনত পেলাব নোৱাৰিলো।
আকৌ সিদিনা মোৰ বন্ধু মৃণালৰ লগত কাজিয়া এখনেই লাগিল। সি ফ’ন কৰি সুধিছিল তাৰ এহেজাৰ টকাটো মই কেতিয়া দিম বুলি। মই বোলো কেতিয়া ললো তোৰ এহেজাৰ টকা। মই প্ৰথমতে সি ধেমালি কৰা বুলি ভাৱিছিলো। পাছত যেতিয়া বাৰে বাৰে একেটা ক’থাকে কৈ কৈ শেষত কলে যে তাৰ এহেজাৰ টকা মাৰি মোৰ দৰে ভিক্ষাৰীয়ে তাৰ নোম এডালো চিগিব নোৱাৰে বুলি তেতিয়া মোৰ গাত লাগিল। বৰ বেয়াকৈ গালি দিলো তাক। কিন্তু আটাইতকৈ আচৰিত কথাষাৰ শেষতহে শান্তভাৱে ক’লে সি আৰু ফোন থৈ দিলে। মই বোলে এদিন দুপৰীয়া মোৰ প্ৰেমিকাৰ লগত খৰিকা ৰেষ্টুৰেণ্টত বহি ভাত খাই আছিলো আৰু সিও তাৰ প্ৰেমিকাক লৈ তালৈ ভাত খাবলৈ আহিছিল। বিল পৰিশোধ কৰাৰ সময়ত মোৰ লগত নগদ ধন নথকা কাৰণে আৰু সেইদিনা খৰিকাৰ ক্ৰেডিট কাৰ্ডেৰে লেনদেন কৰা মেছিনটো বেয়া হৈ থকা কাৰণে মই তাৰ পৰা এহেজাৰ টকা লৈছিলো। পিছদিনাই নেট বেংকিংৰ সহায়ত ঘুৰাই দিম বুলি তাৰ একাউণ্ট নম্বৰটোৱো লৈছিলো বোলে। মই পাগল হৈ গিছিলো তাৰ কথা শুনি। মই সাধাৰণতে খৰিকা জাতীয় নামি দামি ৰেষ্টুৰেণ্ট বিলাকলৈ নাযাওৱে। বহুদিন আগতে দুবাৰমান কাৰোবাৰ লগত গৈছিলো ছাগে। তাতোকৈ আচৰিত কথা মোৰ বোলে কোনোবা প্ৰেমিকা আছে যাক মই চিনিয়ে নাপাও। সিও মোক পাগল হোৱা বুলি গালি পাৰিছিল। তাৰ পাছতেই, যোৱাটো সপ্তাহতে ছাগে, অঘটন এটা ঘটিল। মোক বিছাৰি অফিচত ছোৱালী এজনী আহিছিল। মই কাক বিছাৰিছে বুলি সোধতে কান্দি দিছিল। মই বোলো কি বা হ’ল আকৌ এইজনীৰ বুলি কলো ভণ্টী নাকান্দিবাছোন। হে হৰি গোটেইখন একেবাৰে ৰজনজনাই দিলে। ইমান দিনে বোলে ভালপোৱাৰ অভিনয় কৰি মইহে তেওঁৰ জীৱন ধ্ধংস কৰিলো। তাই বোলে মোৰ প্ৰেমিকা বৰ্ণালী, মৃণালে কোৱাজনী। ইফালে তাইৰ চেহেৰাটো মোৰ কোনোমতেও মনত নপৰেহে নপৰে। কি যে ঘটনা সেইদিনা অফিচত।
ভাত খিনি খাই থালখন ধুবলৈ আহি দেখিলো বাচন ধোৱা চাবোন কেতিয়াবাই শেষ হৈছে। সদায়ে আনিবলৈ পাহৰো। থালখন আওখালি থবলৈ লৈ দেখিলো এয়াছোন দাইল। তাৰমানে মই ভাতৰ লগত দাইলও ৰান্ধিছিলো। কিন্তু কেতিয়া? অকনো মনত নাই ছোন। জানো পাই কি বা হৈছে মোৰ। ডা: উদ্দীপ তালুকদাৰৰ চেম্বাৰলৈ এপাক যাব লাগিব। তেওঁ অসমৰ এজন নামকৰা মনৰোগ বিশেষজ্ঞ। মোৰ যে ভিতৰি ভিতৰি কিবা এটা হৈছে সেয়া নিশ্চিত। আহ: সেয়া আকৌ কোনোবাই মোৰ কাণৰ কাষত চিঞৰিছে। মাতিছে মোক কৰবালৈ। পাচলি কটা চুৰি খনলৈ চকু গ’ল মোৰ। কেনেকৈ ত: ত: কৈ চাই আছে মোৰ পিনে। সেয়া কোনোবাই আকৌ ফুচফুচাই কৈছে মোৰ কাণত। এইবাৰ কিন্তু কি কৈছে মই শুনিছো। মোক কৈছে মাৰ মাৰ এই হীৰক জ্যোতি শইকীয়াৰ ডিঙি এতিয়াই সৌ চুৰি খনেৰে ৰেপি দে। চুৰি খন টিউব লাইটৰ পোহৰত একেবাৰে চিকমিকাই আছে। চো মাৰি যোৱাদি গৈ একেথাপে চুৰি খন হাতত ললো।
ধেত তেৰি আকৌ বাজিলে ফ’নটো। মুখেৰে অবাইচ দুটামান উলিয়াই ফ’নটো চালো। অহ নাই এয়া মায়ে হে ফ’ন কৰিছে।
: হেল্ল’ মা…..
: ভাত খালি তই?
: এয়া খালো বাচন ধুই আছো। তোমালোকে খালা?
: কোন তোমালোক? আজিতো কোনো অহানাই আমাৰ ঘৰলৈ, মই অকলেহে আছো।
: কিয় দেউতা কলৈ গ’ল?
: (মায়ে উচুপিবলৈ ধৰিলে……)
: কি হ’ল মা কান্দিছা কিয়? কি হৈছে তোমাৰ? গা বেয়া নেকি?
: (……………)
মায়ে হুৰাওৰাওৱে কান্দিব ধৰিলে। কন্দাৰ মাজে মাজে অস্পষ্টকৈ কোৱা কথাকেইটা শুনি ম’বাইলটো মোৰ হাতৰ পৰা মজিয়াত সৰি পৰিল। মায়ে ক’লে
: ………কটা নিধক………বাপেৰৰ মুৰ খোৱাটো………..বাপেৰক দুচেওকৈ কাটি জেললৈ গলি……..ভাৱিছিলো জেলৰপৰা ওলাই অহা তিনিবছৰ হ’ল এতিয়া নিজে চাকৰি কৰি গুৱাহাটীত আছ যেতিয়া ভাল হ’লি………কিন্তু আকৌ তোৰ পাগলামি আৰাম্ভ হ’ল………তই মৰি নাযাৱ’ কেলেইনো……..
মোৰ কাণৰ কাষৰ ফুচফুচনিটো এতিয়া এক চিঞৰলৈ ৰুপান্তৰিত হ’ল। চিঞৰ নহয় এয়া মোৰ দেউতাৰ মাত। দেউতাৰ দুটুকুৰা হোৱা শৰীৰটো মই চকুৰ সন্মুখত দেখিবলৈ পালো। দেউতাই মোক চিঞৰি চিঞৰি কৈ আছে, মাৰ মাৰ হীৰকক হত্যা কৰ আৰু তই ইয়ালৈ আহ। কিমান শান্তি ইয়াত চা। মই মৰাৰ পাছতো দুটুকুৰা হৈও কিমান শান্তিত আছো চা। সেই চুৰিখন ল আৰু হীৰকৰ ডিঙিটো ৰেপি দে। মই আৰু দেৰি নকৰিলো। এইবাৰ চুৰিখন সোহাতে লৈ বাওকাণৰ তলৰ পৰা সোকাণৰ তললৈ প্ৰায় ডেৰ ইঞ্চিমান সোমোৱাই চলাই দিলো। হীৰক জ্যোতি শইকীয়াৰ নিথৰ দেহটো মজিয়াত ধমকৈ বাগৰি পৰিল। এতিয়া আৰু মৃত্যুভয় নাই, কোনো ফুচফুচনিও নাই আৰু কোনো চিঞৰ বাখৰো নাই। আহ: কি শান্তি।
<>><><><><><><<<<<<<><>><><><><><><><><><><><><><><><><><><><><><><>
জ্যোতি প্ৰকাশ নাথ
গুৱাহাটী

Leave a Reply

Your email address will not be published. Required fields are marked *