0 00 1 min 4 yrs 128

(জন্মদিনৰ এটি সৰু উপহাৰ)

হে সংগীত কোঁৱৰ   
তোমাৰ নামৰ মাজতে সকলো লুকাই আছে । তুমিও আকাশৰ দৰেই বিশাল ..
   
সৰুৰে পৰা বাধাকো নেওচি 
সাগৰকো লঙ্ঘি
নিজৰ সাহস , আত্মবিশ্বাসৰ বলত 
সমুখ সংগ্ৰামত বাধা দি জোনাক হৈ
আগবাঢ়িছা তুমি । 
আৰ্দশই নহয় সকলোৰে প্ৰেৰণাও তুমি
তোমাৰ গানে যদি কাৰোবাৰ হৃদয়ত আশাৰ সঞ্চাৰ আনে কাৰোবাৰ আকৌ 
ম্মৃতিৰ সফুঁৰা ।
তুমি হ’লা অসমী আইৰ সুযোগ্য সন্তান ।
তোমাৰ আৰ্দশই আগুৱাম আমি ,
তোমাৰ গুণৰ শেষ  নাই 
আজন্ম সাধনা তোমাৰ হ’ল ফলৱতী ।
সমগ্ৰ অসমে ল’লে তোমাক আকোৱালী 
তুমি হৃদয়ত  সদায় বান্ধি থাকিবা
শ্ৰদ্ধা আৰু ভক্তি 
পাৰ্যমানে দি  যোৱা ন ন অৱদান
হৈ ৰোৱা সকলো অসমীয়াৰ হিয়াৰ প্ৰাণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *