অৰূপ বৰুৱা
অ’ মোৰ মৰমী জীৱন
জীয়াই থকাৰ প্ৰেৰণাকে লৈ,
যুঁজি যুঁজি সংগ্ৰাম কৰি
ভাগৰিতো পৰা নাই তই,
দেখি এটি ৰঙীন সপোন
হেঁপাহেৰে বুকুত ল’লি সাৱটি,
পোৱা নোপোৱাৰ হিচাপ নকৰি
ৰোৱা নাই কদাপিও থমকি।
দিঠকত দেখোঁ আজি মই
শূন্য ধৰা আৰু শূন্য জীৱন,
শুনো মাথোঁ জীৱন বীণত
বজা এটি নিৰাশাৰ ক্ষণ।