0 00 1 min 5 yrs 210

দেউতা তুমি কিয় নিস্তব্ধ হৈ গলা পলকতে সেইদিনা পুৱা ,

তুমি কথা পাতিছিলা, হাঁহিছিলা
কিন্তু নাই বুলি কওঁতেই কেনেকৈ নাইকিয়া হৈ গ’লা
সেইদিনা পুৱা তোমাক কোলাত লৈ কিমান জগাইছিলো মই
তুমি মোক এবাৰো নামাতিলা দেউতা
মায়ে কৈছে তুমি বোলে অাৰু কেতিয়াওঁ নামাতা আমাক
কিন্তু কিয় দেউতা?
মই জনা নাছিলো দেউতা
“দেউতা” শব্দটো শেষ বাৰৰ বাবেই যে কবলৈ লৈছো 
চিঞৰি চিঞৰি কান্দিছিলোঁ দেউতা
তোমাক হেৰুৱাৰ বেদনাত
তুমি নামাতিলাই দেউতা 
তুমিতো গুছি গ’লা আমাক এৰি থৈ অজান দেশলৈ
কিয় গ’লা দেউতা
তুমিতো জানিছিলা 
তুমিবিহীন মোৰ এই জীৱন যে  শূন্যতাৰে ভৰা।
দেউতা কেনেকৈ কটাম জীৱন?
তুমিয়েইতো সকলো আছিলা
তুমি মোৰ পৃথিৱী,
তুমি মোৰ আকাশ,বতাহ, জোনাক, সেউজীয়া,
সংগ্ৰাম,জীৱন, সাহস, উশাহ- নিশাহ, নদী,পোহৰ,
সকলো আছিলা দেউতা
এইবোৰৰ অবিহনে জানো জীৱন হয় দেউতা ? 
পৃথিৱীখন সাৰে অাছে অ
মাথোঁ তুমি শুই গ’লা দেউতা। 
তুমি ৰুই যোৱা
পদূলিৰ মূৰত সেই কৃষ্ণচূড়া জোপাৰ ফালে চাই ৰওঁ দেউতা
কিজানিবা তুমি কেতিয়াবা আহা
নাই অ দেউতা তুমি সঁচাকৈ অাৰু কেতিয়াওঁ নাহা।
বৰগছ জোপাহৈ তুমি আছিলা দেউতা
নিজৰ অভাৱক আওঁকান কৰি
আমাক সুখী কৰিছিলা দেউতা
কিমান কষ্ট কিমান ত্যাগ কৰিলা সেয়া মই কেনেকৈ পাহৰোঁ দেউতা তুমি মোৰ আদৰ্শ আছিলা দেউতা সততা অাৰু নিষ্ঠাৰে আগুৱাই যাবলৈ প্ৰেৰণা দি গৈছিলা
তুমি মানুহ হবলৈ শিকাইছিলা
সেইয়া চাবলৈহে তুমি অাৰু নাথাকিলা দেউতা।
ইমান শুনকালে ডাঙৰ হোৱাৰ মন নাছিল অ’ মোৰ দেউতা
তুমি এৰি যোৱাৰ পৰাই
জীৱন মানে কি বুজিছো অ দেউতা
জীৱনৰ অস্তিত্ব কি বুজিছোঁ 
তুমি নাই বাবে এতিয়া জানিছো বৰষুণৰ গতিৰ গভীৰতা কিমান
মায়ে প্ৰায়ে উচুপি উঠে
তোমালৈ বাট চাই ৰৈ থাকে দুৱাৰ দলিত
মোৰ চাবলৈ বৰ কষ্ট হয় অ দেউতা 
মাঁক কুশলে ৰাখিম তুমি চিন্তা নকৰিবা  দেউতা।
বৰ কষ্ট হৈছে অ দেউতা
তুমি যে নাই ঘৰখন বৰ উকা
কেতিয়াবা আকাশখনলৈকে চাওঁ
কিজানি তুমি তাতেই আছাঁ
কলৈ গ’লা মোক এবাৰলেও নোকোৱাকৈ গুচি গ’লা।
মোক লৈ দেখা সপোনবোৰ পূৰণ হোৱালৈ চাবলৈ তুমি নাথাকিলা 
কুশলে আছে সকলো দেউতা
তুমিহে হেৰাই গ’লা 
এতিয়া আমাৰ  কৃষ্ণচূড়াৰ তলৰ সেই উকা পদূলিটোৱে
নিৰৱ নিস্তব্ধ সন্ধ্যাবোৰে
বহুত কথাই সোঁৱৰাই গৈছে দেউতা।
নিষ্ঠুৰ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস
মৃত্যু অনিবাৰ্য্য, কিন্তু কেনেকৈ মানি লওঁ মই তোমাৰ মৃত্যু
মোৰ বৰ কষ্ট হৈছে মানিবলৈ 
তুমি হৃদয়ত থাকিবা দেউতা
এটা ধুনীয়া তৰা হৈ জিলিকাই ৰাখিম মোৰ হৃদয়ত তোমাক দেউতা
যতেই আছা তুমি কুশলে থাকা “দেউতা”।
Mousumi Borah

Leave a Reply

Your email address will not be published. Required fields are marked *