আগচোতালৰ তুলসীজোপাৰ কাষত
এখন বগা ৰঙৰ কাপোৰেৰে
ঢাকিথোৱা হ’ব মোৰ নিথৰ দেহ
মানুহেৰে সমাগত হ’ব মোৰ বুকুৰ পদূলি
হিয়া ঢাকুৰি আইজনীয়ে কান্দিব
শুনিবা আত্মীয়ৰ বিননি।
মই ভালপোৱা ফুলেৰে শ্ৰদ্ধাঞ্জলি যাচিব
ধূপ ধূনা জ্বলাই মা হালধিৰে নুৱাব ধুৱাব
সাজু হ’ব খৰি জুমুঠি
চাৰিওঁফালে বাজি উঠিব কান্দোনৰ ভগা সুৰ
মন গ’লে তুমি বগা কাপোৰ আঁতৰাই
চাবা মোৰ শেঁতাপৰা মুখনি
কিন্তু তুমি চকুলো বোৱাই নানিবা।
এনেকৈয়ে বিদায় দিব সকলোৱে
চিৰদিনলৈ শুই পৰিম চিতাৰ জুইত
চিতাৰ জুইত ধোঁৱাৰ সলনি
উৰি যাব মোৰ ৰংছঙীয়া সপোন
ফটফটকৈ ফুটিব আশা
আশাকৰোঁ চিতাৰ কাষত তুমি
সঁহাৰি দিবা
প্ৰতিশ্ৰুতি দি গুচি যাম
অহা জনমত আকৌ অামি লগ
হোৱাৰ পুৰণি কথা ।
মৌচুমী বৰা
যোৰহাট