নাৰীৰ মূল কিয় বুজি নাপায়?
মইয়ো টো এগৰাকী মাতৃৰেই সন্তান। হ’ব পাৰো মই আপোনাৰ বোৱাৰী। মোক আপুনি নিজৰ সন্তান বুলি ভাবিব নোৱাৰেনে,
যেনেকৈ মই আপোনাক
নিজৰ মা বুলি ভাবো?
মইটো কোনো বজাৰৰ পৰা
কিনি অনা শাক-পাছলি নহয়,
যে মন গ’লেই বেয়া বুলি কৈ
জাবৰৰ দমত পেলাই থৈ আহিব? মইয়ো তেজ মঙহেৰে গঠিত মানুহ।
মোৰ গা-তো কোনো
লৌহ বা শিলেৰে তৈয়াৰী নহয়,
যে আপোনাৰ যেতিয়াই মন যায় তেতিয়াই প্ৰহাৰ কৰিব।
উসঃবৰ অসহ্য।
আজি কালি আপোনালোকে মোক কিয় ঘৃণাৰ চকুৰে চাই
যে আপোনাৰ যেতিয়াই মন যায় তেতিয়াই প্ৰহাৰ কৰিব।
উসঃবৰ অসহ্য।
আজি কালি আপোনালোকে মোক কিয় ঘৃণাৰ চকুৰে চাই
মই নাজানো,
নাজানো মই কি ভূল কৰিলো,
কি পাপত লিপ্ত হ’লো,
যাৰ বাবে আপোনালোকে মোক ইমান ডাঙৰ শাস্তি দিছে?
যাৰ নামত শিৰত সেন্দুৰ লৈ যুগ্ম জীৱনৰ পাতনি মেলিছিলো
চিৰ দিন চিৰ কাল সুখে-দুখে
কাষত ৰ’ম বুলি।
সকলো দেখি শুনিও চূপ,
মাথো নিৰ্বোধ মূৰ্তিৰ দৰে
থিয় হৈ থাকি ৰং চাই। সঁচাকৈ মোৰ কেতিয়াবা এনে ভাব হয় তেওঁ বাৰু মোক আগৰ দৰেই
ভাল পায় নে?
আগৰ দৰেই হৈ আছে নে মোৰ যুগ্ম জীৱনৰ লগৰী জন,
নে সলনি হ’ল?
আহঃবৰ অসহ্য লাগিছে অ”।
আহঃবৰ অসহ্য লাগিছে অ”।
মই আৰু সহ্য কৰিব নোৱাৰিম মা।
হেৰৌ’ নিষ্ঠুৰ ভগৱান এগৰাকী বোৱাৰীৰ বেদনাৰ ক্ৰন্দন দেখি শুনিও কিয় তুমি উচিত ন্যায়
হেৰৌ’ নিষ্ঠুৰ ভগৱান এগৰাকী বোৱাৰীৰ বেদনাৰ ক্ৰন্দন দেখি শুনিও কিয় তুমি উচিত ন্যায়
কৰিব পৰা নাই?
নে দেখিও নেদেখাৰ ভাও ধৰিছা,
শুনিও নুশুনাৰ অভিনয় কৰিছা?
মোক উত্তৰ দিয়া।কিহৰ পাপৰ ফল তুমি মোক দিছা ভগৱান? কিয় তুমি মোক যন্ত্ৰনাময় জীৱন কটাবলৈ বাধ্য কৰাইছা ভগৱান? মোক মাৰি নিয়া ভগৱান,
মোক মাৰি নিয়া। নহ’লে মই নিজেই কেতিয়াবা উলমি ৰ’ম ঘৰৰ কোনোবা এটা কোণত নাইবা বাৰীৰ পাছৰ এজোপা গছত এডাল নাইলনৰ ৰছীৰ সহায়ত।
চিৰ দিনৰ বাবে জিৰণি ল’ম আই নিদ্ৰা দেৱীৰ কোলাত। অভিশাপ দি যাম যোৱাৰ আগত তোমাক ভগৱান চিৰ দিন চিৰ কাল তুমি অন্ধ হৈ ৰ’বা বুলি।চিঞৰি চিঞৰি কৈ যাম নিৰ্দোষীৰ শেষ স্থান দপ্দপ্ কৈ জ্বলি উঠা চিতাৰ জুইকুৰা।
✍দীপাঙ্কৰ লাহন।