0 00 6 yrs 203
মৌনতাৰ পৰিচয়েৰে
হৈ পৰিছো যন্ত্ৰনাশক্ত,
হৈ পৰিছো শব্দহীন যন্ত্ৰ,
মাথো তোমাৰ প্ৰয়োজনত
বুজা জানো তুমি মোৰ সেই যন্ত্ৰনা;
মই যে এক শব্দহীন যন্ত্ৰ;
নে ভাবিছা মই এক কলংকিত শব্দ,
ডেউকা মেলি উৰিব খুজো 
কোনো এখন পৃথিৱীত,
যেন এনেকুৱা লাগে 
মোৰ এই ডেউকা ভাঙি
পেলাই দিব কলংকিত কোনো এখন পৃথাৱীত ,
আজিকালি চকুপানী খিনিয়েও কব খোজে
তোমাৰ অনুপস্থিতিৰ দিনবোৰৰ কথা ,
কলংকৰ খাতিৰত লুকাব খোজো মোৰ চকুলো ,
কলংকিনী মই
এক শব্দ ।

Leave a Reply

Your email address will not be published. Required fields are marked *