0 00 1 min 2 yrs 179

যোৰহাট প্ৰশাসন তৰফৰ পৰা প্ৰকৃতি প্ৰেমী, সামাজিক সাংস্কৃতিক কৰ্মী সমীৰ ৰয়লৈ সন্মান প্ৰদান
অসম চৰকাৰৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত সমাজ সেৱা আগবঢ়ায় থকা ব্যক্তি সকললৈ যোৰহাট প্ৰশাসনে তেওঁলোকক সন্মান প্ৰদৰ্শন কৰি প্ৰশংসা পত্ৰ প্ৰদান কৰে। এনে এজন যুৱক হ’ল সমীৰ ৰয়।
এসময়ত ১৯৯৬ চনত অসমৰ কেইবাখনো আলোচনী, বাতৰি কাকতৰ বাবে চিত্ৰ সাংবাদিক হিচাপে বোম্বেৰ পৰা সাংবাদিক হিচাপে কাম কৰা., সামাজিক সাংস্কৃতিক, চিনেমা জগত, ক্ৰীড়া ক্ষেত্ৰ. শিক্ষা.
কৃষি
আদি বিভিন্ন দিশত জড়িত সকলক উৎসাহিত কৰি অহা ,
প্ৰকৃতি প্ৰেমী. সামাজিক সাংস্কৃতিক কৰ্মী সমীৰ ৰয় ২০১০ চনৰ পৰাই গছপুলি ৰোপণৰ লগতে ২০১৭ চনৰ পৰা অসমীয়া ছবিৰ সজাগতা, প্ৰসাৰ, সৃষ্টিমূলক প্ৰচাৰ,. ২০২০ চনৰ পৰা বিভিন্ন ৰাজহুৱা ঠাই, নামঘৰ, শিক্ষানুষ্ঠান, সমাজত অৰিহণা থকা ব্যক্তিৰ,অসম গৌৰৱৰ বাসগৃহ আদি বিভিন্ন ঠাইত বিভিন্ন প্ৰজাতিৰ কপৌফুলৰ লগতে অৰ্কিড ৰোপণ কৰি এক জাগৰণৰ সৃষ্টি কৰিছে।
ছবিত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনদেৱে সমীৰ ৰয়ক সন্মান প্ৰদৰ্শনৰ এক মুহুৰ্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *