0 00 1 min 5 yrs 206
মঙ্গলবাৰে উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ হাতীমুৰা বন শিবিৰ এলেকাৰ পৰা এটা প্ৰায় এবছৰীয়া মাইকী গঁড় পোৱালী বন বিভাগৰ সহযোগত পানবাৰী বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ দলে উদ্ধাৰ কৰে ৷ বানপানীৰ সময়তে পোৱালীটো মাকৰ পৰা বিচিন্ন হৈ আছিল ৷ মাকে পুনৰ বিচাৰি আহিব বুলি ভাৱিয়েই গঁড় পোৱালীটো উদ্ধাৰ কৰা হোৱা নাছিল যদিও পোৱালীটোক বাঘে আক্ৰমণ কৰাৰ চিন প্ৰত্যক্ষ কৰি মঙ্গলবাৰে উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হয় ৷ বৰ্তমান কেন্দ্ৰটোৰ চিকিৎসক আৰু এনিমেল কীপাৰে গঁড় পোৱালীটোৰ পৰিচৰ্যা আৰম্ভ কৰিছে ৷ এই বানত আজি পৰ্যন্ত  বানত ৫ টা গঁড় পোৱালী উদ্ধাৰ হৈছে ৷ পাঁচটা পোৱালীৰ তিনিটা বৰ্তমান সুস্থ যদিও দুটা গঁড় পোৱালীৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটেছে যদিও চিন্তাৰ কাৰণ নাই বুলি চিকিৎসকে জানিবলৈ দিছে ৷ আনহাতে অন্য এটা খবৰ অনুসৰি মঙ্গলবাৰে দিনৰ ভাগত বোকাখাত চহৰৰ ডিফলু পথত হিন্দী হাইস্কুলৰ সন্মুখত বাঁহৰ ড’মৰ মাজত এটা লতামাকৰী বাঘৰ পোৱালী দেখা পাই স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে ৷ অৱশ্যে বাঘ পোৱালীটোৱে কাৰো একো অপকাৰ নকৰি বাঁহৰ ড’মৰ পৰা ওলাই গৈ কাষৰে এঘৰৰ বাৰীৰ হাবিত আশ্ৰয় লৈ আছে ৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *