0 00 1 min 2 yrs 187

অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন আৰু অসমৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক আজি নলবাৰী জিলা সাংবাদিক সন্থাই শ্ৰদ্ধাৰে সুঁৱৰি জিলা সাংবাদিক সন্থাৰ নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ নলবাৰী জিলাৰ মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাৰ পূৰ্বেই বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তই ৷ অসমীয়া জাতিয়ে চিৰদিন চিৰকাল গৌৰৱ কৰিব পৰা বীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ যুতীয়া সাধাৰণ সম্পাদক বসন্ত দাসে আঁত ধৰা সোঁৱৰণি অনুষ্ঠানটোত উপন্যাসক সম্ৰাট, জোনাকী যুগৰ সাহিত্যিক,সাংবাদিক ৰজনীকান্ত বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ ঔপন্যাসিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ৷ তদুপৰি নলবাৰী জিলাৰ প্ৰথম গৰাকী সাংবাদিক বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই, মাল্যৰ্পণ কৰে নলবাৰী জিলাৰ সাংবাদিক সন্থাৰ নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাই ৷ অসম গৌৰৱ তিনিওগৰাকী ব্যক্তিৰ প্ৰতিচ্ছবিত সমূহীয়া পুস্পাঞ্জলি অনুষ্ঠান মুকলি কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস তালুকদাৰে ৷ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী সভাকক্ষত নলবাৰী জিলা সাংবাদিক সন্থাৰ বিদায়ী সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভা ৷ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৰা নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাসহ নতুন সমিতিৰ বিষয়ববীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে ৷

মুকালমুৱাৰ পৰা সমৰজিত পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *