0 00 3 yrs 229

লাহদৈগড় আৰক্ষীয়ে জব্দ কৰিলে অবৈধভাৱে ৰখা বৃহৎ পৰিমানৰ ঔষধ।

অসমৰ মাননীয় মুখ্যমন্ত্রী ড.হিমন্ত বিশ্ব শৰ্মাই দ্বায়িত্ব লোৱাৰে পৰা অসম আৰক্ষী্ৰ অভিযানসমূহ সকলো ক্ষেএতে সফল হৈছে।তেনে সময়তে লাহদৈগড় আৰক্ষী চকীৰ নৱনিযুক্ত আৰক্ষী বিষয়া সজ্ঞয় ৰয়ৰ নেতৃত্বত যোৱা দলে সোমবাৰে নিশা কাকজান বামকুকুৱাচোৱা গাৱৰ পৰা বৃহৎ সংখ্যক ঔষধ উদ্ধাৰ কৰা ঘটনাই তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।পৱন তামুলী ঔৰফে বাবুল নামৰ ব্যক্তিজনৰ ঘৰত অনুজ্ঞাপএ বিহীন ভাৱে বৃহৎ পৰিমানৰ ঔষধ মজুত থকাৰ কথা জানিৱ পাৰি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ঔষধ,চিৰিজ্ঞ,চেলাইন আদি জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষী যোৱাৰ খৱৰ পাই পৱন তামুলী নামৰ ব্যক্তিজন পলাই সাৰিবলৈ সক্ষম হয়।
লাহদৈগড় আৰক্ষীয়ে অবৈধ ভাৱে ৰখা ঔষধসমূহ যোৰহাট জিলা ঔষধ পৰিৰ্দশকক চমজাই দিয়ে।



টীয়ক পৰা দেৱজিৎ বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *