0 00 4 yrs 227

টায়াৰৰ দাহনত 
চৌপাশ শ্মশান 
দুৰ্বোধ্য সময়ত
নালায়ক বদনৰ প্ৰলাপ 
জাতি যায় মাটি যায়
ৰাজপথত জনতা
কা আমি নামানো
আমাক ন্যায় লাগে
লাগে শিক্ষা স্বাস্থ্যৰ উন্নয়ন 
লাগে পথাৰ বজাৰ সংস্থাপন 
শ্বহীদৰ চিঞৰত 
কম্পিত অসম 
চানমাৰি চাবুৱা ৰক্তাৰক্তি
সান্ধ্য আইনত মৃতপ্ৰায় 
যোৰহাটৰ বৰুৱা চাৰিআলি
সুসজ্জিত বন্দুকধাৰীৰ ফ্লেগমাৰ্চ
সংসদত জ্ঞানশূণ্য সাংসদৰ তাচ্ছিল্য 
বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বসতিস্থল
বৃহৎ নদীদ্বীপ সত্রপীঠ মাজুলী
নিমাত তথাকথিত অসমপ্ৰেমী জনপ্ৰতিনিধি 
ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন: মোক এঘৰীয়া কিয় কৰিছে? 
কাৰাগাৰত আবদ্ধ সিংহপুৰুষ
কা বিৰোধীতাৰ ৰাষ্ট্ৰদ্ৰোহ
শাসকৰূপী শোষকে যে 
নুশুনে নাগৰিকৰ প্ৰতিবাদ
ৰাষ্ট্ৰসংঘৰ উপদেশ . .
নৈৰাজ্য! সুবিধাবাদীৰ ভাৰাতীয়া শান্তি সমদল
জনতাৰ স্বৰাজ আৰু অস্তিত্ব সংগ্ৰামৰ দিনলিপি !

Leave a Reply

Your email address will not be published. Required fields are marked *