শীলাময় হিঁয়া যাৰ মৰম নাথাকে তাৰ,
নকৰে গৌৰৱ শ্বদেশৰ,
স্বাৰ্থৰ কাৰণেইযে আপোনক কৰে পৰ
সাধে মাথোঁ কাৰ্য্য নিজৰ।
আছে নেকি কোনোবা ঐ এনে হিঁয়াৰ গৰাকী
যাৰ আছে মৰম সাগৰ?,
আনৰ দুখত দুখী আনৰ সুখত সুখী
এয়াই যে সুখ জীৱনৰ।
মৰমেৰে মাতিবা ঐ মৰমেৰে বোজাবা কৈ
ন’লবা হিংসাৰ অশ্ৰয়,
জিনিবা অৱশ্যে মন তোমাৰ শতৰুৰ ও
নিদিলে হিংসা পৰিচয়।
নকৰে গৌৰৱ শ্বদেশৰ,
স্বাৰ্থৰ কাৰণেইযে আপোনক কৰে পৰ
সাধে মাথোঁ কাৰ্য্য নিজৰ।
আছে নেকি কোনোবা ঐ এনে হিঁয়াৰ গৰাকী
যাৰ আছে মৰম সাগৰ?,
আনৰ দুখত দুখী আনৰ সুখত সুখী
এয়াই যে সুখ জীৱনৰ।
মৰমেৰে মাতিবা ঐ মৰমেৰে বোজাবা কৈ
ন’লবা হিংসাৰ অশ্ৰয়,
জিনিবা অৱশ্যে মন তোমাৰ শতৰুৰ ও
নিদিলে হিংসা পৰিচয়।