0 00 1 min 4 yrs 226

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সকলো যেন সহজলভ্য হৈ পৰিছে । হাতৰ মুঠিতেই আৰু চকুৰ পচাৰতেই পাব পাৰি সকলো । ডিজিটেল মাধ্যমৰ যোগেদি সংগীতৰ শিক্ষা আগবঢ়াই অহা এগৰাকী প্ৰতিভাৱান যুৱতী হ’ল অনুজা কামাত । সংগীতৰ স্নাতক ডিগ্ৰীধাৰী অনুজা কামাতে প্ৰায়  তিনি বছৰ আগৰপৰাই YouTube ৰ যোগেদি শাস্ত্ৰীয় সংগীতৰ শিক্ষা আগবঢ়াই আহিছে । মুখত অনবৰতে এটি মিচিকিয়া হাঁহি বিৰিঙি থকা অনুজা কামাতৰ শিকোৱাৰ শৈলী বহুত সহজ সৰল । প্ৰায় তিনি লাখৰো অধিক Subscribeer থকা ইউটিউব চেনেলটোৰ যোগেদি এতিয়ালৈকে প্ৰায় এক কোটিৰো অধিক আগ্ৰহী যুৱক-যুৱতীক সংগীতৰ প‌্ৰশিক্ষণ দিছে ।

ৰশ্মি কলিতা

Leave a Reply

Your email address will not be published. Required fields are marked *