ফুল মৰহি যায়
আশাৰ সুবাশ বুুকুত সামৰি
তেনেকৈ মইয়ো মৰহি গলো
তোমাৰ অপেক্ষাত
কিনতু আজি এচাতি বতাহে
ঢালি দিলেহি তোমাৰ কিছুমান
সহ্যহীন ষ্মৃতি
টোলপাৰ লগাই
দিলে হ্দয়ৰ আকাশে বতাহে
দেখুৱালে স্মৃতিৰ মৰিচিকা
পালো বুলি ধৰিবলৈ হাত মেলোতেই
গুচি গ’ল বহুত দূৰলৈ
পালো বুলি ধৰিবলৈ হাত মেলোতেই
গুচি গ’ল বহুত দূৰলৈ
বিষায় উঠিল বুকুখন
ৰক্তহীন কলিজাত
মনে মনে দুগুনে বাঢ়ি গ’ল দুখৰ জোৱাৰ
হাৰি গ’ল বিবেক
এই স্মৃতিত চকুৰ পতাৰ পৰা
এই স্মৃতিত চকুৰ পতাৰ পৰা
নিগৰিল তেজৰ চকুলো।
সুপ্ত হৈয়ে লুপ্ত হ’ল মোৰ স্মৃতি ।।