0 00 6 yrs 215

সেই শিল্পী

তোমাক নমস্কাৰ
শত সূৰুযৰ ৰঙীন আভাৰে
তুমি হোৱা জাতিস্কাৰ
তোমাৰ সৃষ্টি
মানৱ হৃদয়ৰ অন্তৰ পৰশা
অতল গহৰৰ পঞ্জীভূত বেদনাক  লৈ ।
সত্য  শিৱ সুন্দৰ
তোমাৰ  সাধনা
চিৰ সেউজ , চিৰ অম্লান
তুমি হোৱা জ্যোতিষ্মান ।
জ্যোতিৰ আভা
ৰাভাত  লাগি
কলাসাধনাৰ ব্ৰতত ব্ৰতী
তুমি শিল্পী চিৰ সুন্দৰৰ ।
প্ৰকৃতিৰ দৃশ্য ৰাজি
তোমাতেই  লয়
তোমাতেই ক্ষয়
মহামিলনৰ সেতু তুমি ।
সৰ্গ মৰ্ত্য পাতাল
সকলো তোমাৰ নখদৰ্পনত
ছবি আঁকা তুমি মানৱ মনৰ
হে শিল্পী তোমাক সহস্ৰ প্ৰণাম ।

Leave a Reply

Your email address will not be published. Required fields are marked *