0 00 1 min 5 yrs 204

শিৰত সেন্দুৰ দিলেই জানো মৰম হয়
দুখন হিয়াৰ মাজত যদি মিলনেই নহয় ,
ভালপোৱা জানো তাকেই কয়
আতৰি-আতৰি যদি দূৰে-দূৰে ৰয় “
এটি ভাললগা বিহুসুৰীয়া আধুনিক গীত । কণমানি শিল্পী নয়নদ্বীপৰ কণ্ঠত প্ৰাণ পাই উঠিছে উক্ত গীতটো । ডিজিটেল প্লেটফৰ্ম ইউটিউবৰ  যোগেদি মুক্তি লাভ কৰা গীতটো অসমবাসী ৰাইজে আদৰি লোৱা পৰিলক্ষিত হৈছে । এতিয়ালৈকে প্ৰায় এক লাখ দৰ্শকে উপভোগ কৰিছে গীতটো ।
আজি কিছুমাহৰ আগতে সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ সৈতে এক বিশেষ অনুষ্ঠানত দেখা পোৱা গৈছিল নয়নদ্বীপক । উক্ত অনুষ্ঠানতে কেইবাটাও মনোমোহা গীত পৰিবেশন কৰি অসমবাসী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল নয়নদ্বীপ । নয়নদ্বীপৰ ঘৰ উজনি অসমৰ ডিব্ৰুগড়ত ।
সমীৰণ বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *