0 00 1 min 4 yrs 233

বিষাদক ন’কবা
                     মই আহিছোঁ বুলি;
বাৰীৰ কাকিনী তামোল থোকা
        সাচিঁ ৰাখিছোঁ তোমাৰ বিয়াৰ
বাবে;আয়তীৰ মংগল ধ্বনিত
         তোমাৰ শুভপৰিণয় হ’ব 
তোমাৰ আপোনজনৰ সৈতে। 
               হিয়াই হিয়াই প্ৰতি ধ্বনিত হয়;মিলনৰ মধুৰ গুঞ্জন;
       হেপাহবোৰ ছটিয়াই হালধীয়া
কৰিলোঁ মনৰ পথাৰ। 
       দুটি মনৰ জোনাকত পোহৰিত
তমসাচ্ছন্ন মনোকাশ। 
       সপোন বোৰে থুনুক-থানাককৈ
খোজেৰে আহি;নিদ্ৰাহৰণ কৰিলে
         মোৰ। মই অহাবাটেদি যাম ঘূৰি;বিষাদ নাঢালো তোমাৰ
         জীৱনত। সুখী হৈ ৰোৱা । 
শুভকামনা থাকিল তোমালৈ। 
          বিষাদক ন’কবা
মই আহিছোঁ।।।।।।।।।। 
           ৰশ্মি তামূলী

Leave a Reply

Your email address will not be published. Required fields are marked *