পুৱতি বেলিৰ হুবাসে
স্তব্ধ হৈ কুৰুলিয়াই
বাটৰ বৰষুণে নিয়ে উটুৱাই
ইতিহাসৰ ৰঙা নদী হৈ,
বেণী গোথা বান্ধোন
উতপ্ত কৰে পুৱা
দীপ্তিৰ শলিতাৰে কৰে ৰক্তপান
চিহ্ন মাথো ক্ষুদ্ৰ ক্ষুদ্ৰ বালি।
ৰঙা ফুলৰ কলিয়ে
ফুলাবনে পঙ্গুময় যাত্ৰা
পুনৰ অশ্ৰুৰ বানেৰে
কৰিবনে বিচুৰ্ণ শত্ৰুৰ বাণী?
শৈলেন গগৈ